Firing in Jaipur Express: RPF জোৱানৰ বিৰুদ্ধে অভিযোগনামা দাখিল

নেশ্যনেল ডেস্ক, ২১অক্টোবৰ : দুমাহ পূৰ্বে চলন্ত ৰে’লত সংঘটিত হৈছিল এক অনাকাংক্ষিত ঘটনা । জয়পুৰৰ পৰা মুম্বাইলৈ আহি থকা অৱস্থাত চলন্ত ৰে’লত সংঘটিত হৈছিল গুলীচালনা(Firing in Jaipur Express) । এজন RPF জোৱানে সংঘটিত কৰিছিল এই ঘটনাৰ ।
এই গুলীচালনা ফলত নিহত হৈছিল এজন ASIসহ ৩ গৰাকী যাত্ৰী(( 4 people died in Firing at Jaipur Express) । তাৰ পিছতে এই ঘটনাক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য়ৰ ।
এই হত্য়াকাণ্ডৰ লগত জড়িত আছিল RPF জোৱান চেতন সিং । এই ঘটনা পোহৰৈল অহাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত চেতন সিঙক ।
শুকুৰবাৰে ৰে’ল আৰক্ষীয়ে এই গুলীচালনাৰ লগত জড়িত অভিযুক্ত বৰ্খাস্ত ৰে’ল সুৰক্ষা বাহিনীৰ কনিষ্টবল চেতনসিং চৌধাৰীৰ বিৰুদ্ধে মুম্বাইৰ আদালতত অভিযোগনামা দাখিল কৰে । বৰিভালি উপনগৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত ১,২০৬ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে ৰে’ল আৰক্ষীয়ে ।
উল্লেখ্য যে, আৰক্ষীয়ে দণ্ডাধীশক জনাই যে তেওঁলোকৰ ইতিমধ্য়ে তদন্ত সম্পূৰ্ণ হৈছে আৰু অভিযোগনামা দাখিল কৰিছে । কিন্তু চাৰ্জশ্বীটখন সত্ৰ আদালতলৈ হস্তান্তৰ কৰা হয় ।
ইফালে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ন্যায়িক জিম্মাত থকা অভিযুক্তজনক আকোলা জিলাৰ এখন কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে আৰু ব্যক্তিগতভাৱে আদালতত হাজিৰ কৰাটো বিপদজনক হোৱাৰ বাবে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তেওঁক হাজিৰ কৰোৱা হৈছে ।
আৰক্ষীয়ে দণ্ডাধীশক অনুৰোধ জনাইছে যে এনে পৰিস্থিতিত চেতনৰ শাৰীৰিক উপস্থিতিৰ অনুপস্থিতিত গোচৰটো সত্ৰ আদালতত সদয়ভাৱে অৰ্পণ কৰা হওক । তদন্তকাৰী সংস্থাটোৱে আশ্বাস দিয়ে যে কাৰাগাৰত অভিযুক্তক অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰা হ’ব । অৱশ্যে চৌধুৰীৰ অধিবক্তা জয়ন্ত পাটিলে তেওঁৰ (পাটিলৰ) উপস্থিতিত এই প্ৰক্ৰিয়াটো কৰিব লাগে বুলি উল্লেখ কৰি আদালতক প্ৰডাকচন ৱাৰেণ্ট জাৰি কৰিবলৈ অনুৰোধ জনায় । আদালতে বিষয়টো ২ নৱেম্বৰলৈ স্থগিত ৰাখে ।
চৌধুৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩০২ (হত্যা), ১৫৩-A (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষা ইত্যাদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা প্ৰসাৰ কৰা) আৰু অন্যান্যৰ লগতে ৰেলৱে আইন আৰু মহাৰাষ্ট্ৰ প্ৰিভেনচন অৱ ডিফেচমেণ্ট অৱ প্ৰপাৰ্টি এক্টৰ প্ৰাসংগিক ধাৰাসমূহ আৰোপ কৰা হৈছে ।
লগতে পঢ়ক :Firing in Jaipur Express: জয়পুৰ এক্সপ্ৰেছত RPF জোৱানৰ গুলীচালনা, আৰক্ষীৰ জিম্মাত RPF জোৱানজন