Local, Vocal, Global

Firing in Assam Arunachal border : অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ধেমাজি, 5 জুন : সোমবাৰে ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰৰ পাণবাৰীত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷ অৰুণাচলী দুৰ্বৃত্তই কৰা গুলীচালনাত নিহত হৈছিল দুজনকৈ অসমীয়া লোক ৷ নিহত লোক দুজন বগা চেতিয়া আৰু মন্টু গগৈ বুলি জানিব পৰা গৈছে ৷

৫ জুনৰ বিশ্ব পৰিবেশ দিৱস উপলক্ষে জয়ৰামপুৰ পাণবাৰীৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলটোত গছপুলি ৰোপন কৰিছিল অসমৰ লোককেইজনে ৷ জয়ৰামপুৰ পাণবাৰী সীমান্তৱৰ্তী ভূমি সুৰক্ষা সমিতি নামৰ সংগঠনটোৰ উদ্যোগত গছপুলি ৰোপনৰ উদ্দেশ্যে সেই স্থানলৈ গৈছিল লোককেইজন ; কিন্তু সেই সময়তে অৰুণাচলী লোকৰ এটা দল সেই স্থানত উপস্থিত হৈ গছপুলি ৰোপনত হকা-বাধা কৰে ৷ ফলত দুয়োটা দলৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ (Firing at Assam Arunachal border) ৷ এই ঘটনাই পৰৱৰ্তী সময়ত সংঘাতৰ ৰূপ লয় (Assam Arunachal Border Clash) ।আৰু পৰিণতিত অসমৰ দুজনকৈ লোকে প্ৰাণ হেৰুৱাব লগীয়া হয় ৷

তাৰোপৰি দুৰ্বৃত্তৰ দলটোৱে কৰা চোকা অস্ত্ৰৰ আক্ৰমণ কৰে। আক্ৰমণত আহত হয় পুষ্প গগৈ আৰু অকনি গোঁহাই নামৰ আন লোক দুজন (Arunachali miscreants killed Assamese people)৷ এই ঘটনাৰ পাচতে সৰ্বত্ৰে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া ৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এই ঘটনাৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘একাংশ লোকে মাটিৰ লোভত এনেধৰণে আক্ৰমণ কৰে ৷ এই বিষয়টোৰ ওপৰত অধিক তদন্ত কৰা হ’ব ৷’’তেওঁ লগতে কয়, ‘‘অসম-অৰুণাচলৰ সীমা এতিয়াও নিৰ্ধাৰিত হোৱা নাই । আমাৰ চুবুৰীয়া ৰাজ্যই আমাক আক্ৰমণ নকৰে, এচাম মানুহে মাটিৰ লোভত এই কাম কৰে । জিলাখনৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে বিষয়টোৰ তদন্ত কৰিব ৷

আনহাতে, এই গুলীচালনা সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে কয়, ‘‘ইতিমধ্য়ে ঘটনা সন্দৰ্ভত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে ৷ এই বৈঠকত উপ আয়ুক্ত (ডি চি) আৰু ধেমাজি আৰু নিম্ন ছিয়াং জিলাৰ আৰক্ষী অধীক্ষক (এছ পি) উপস্থিত থাকে । অৰুণাচল প্ৰশাসনে এই ঘটনাৰ তদন্তৰ বাবে সহযোগিতা আগবঢ়াইছে ৷ লগতে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে’’ (Ranoj Pegu reacts on Assam Aruanchal border Firing issu) ।লগতে তেওঁ কয়, ‘‘এই ঘটনা সন্দৰ্ভত গোগামুখ আৰক্ষী চকীত অস্ত্ৰ আইনৰ অধীনত ৬৩/২৩ u/s ১৪৭/১৪৮/৩০২ /৩২৬/৩০৭ IPC r/w ২৫ (১) (ক)/২৭ (৩)ত এক গোচৰ পঞ্জীয়ন কৰা হৈছে ।
ইফালে আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই কয়, ‘‘এই ঘটনাৰ সন্দৰ্ভত আমাৰ তদন্ত চলি আছে ৷’’

’’উল্লেখ্য যে, অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ৮০৪ কিলোমিটাৰ দৈৰ্ঘৰ সীমা আছে ৷ ইতিমধ্যে চলিত বৰ্ষৰ এপ্ৰিল মাহত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মাজত দশক দশক ধৰি চলি অহা সীমান্ত বিবাদ সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এক বুজাবুজি স্বাক্ষৰ কৰিছিল ৷ এই বুজাবুজি স্বাক্ষৰৰ পাচতে সংঘটিত পানবাৰীৰ গুলীচালনাই এতিয়া বিভিন্ন প্ৰশ্নৰ উদ্ৰেগ কৰিছে ৷

লগতে পঢ়ক : HS Final Results : উচ্চতক মাধ্যমিকৰ চুড়ান্ত শাখাৰ ফলাফল, বিগত ১০ বছৰৰ তুলনাত এই উত্তীৰ্ণৰ হাৰ হৈছে সৰ্বনিম্ন