Firing At Guwahati’s Borbari, 1 Critically Injured : মহানগৰীত অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি;বন্ধুক গুলীওৱা বাপন দেৱনাথৰ ভয়ংকৰ স্বীকাৰোক্তী
নিউজ ডেস্ক, ৬ মাৰ্চ : মহানগৰীত অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতি। বন্ধু গুলীওৱা বাপন দেৱনাথৰ ভয়ংকৰ স্বীকাৰোক্তী । বন্ধু ছাদ্দাম হুছেইনক গুলীয়াবলৈ দেৱনাথে কোকৰাঝাৰৰ পৰা আনিছিল পিষ্টল । দীৰ্ঘদিনে কোকৰাঝৰতে প্লাষ্টিকেৰে মেৰিয়াই মাটিত পুতি থৈছিল পিষ্টলটো । পত্নীক পলুৱাই নিয়াৰ পাছত গুছি গৈছিল কোকৰাঝৰলৈ । কোকৰাঝৰৰ পৰা পিষ্টলটো আনি পৰিকল্পনা কৰিছিল ছাদ্দামক হত্যা কৰাৰ বাবে(Firing At Guwahati’s Borbari, 1 Critically Injured) ।
উল্লেখ্য যে, মঙলবাৰে গুৱাহাটী মহানগৰীৰ বৰবাৰী মেগজিনত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । ব্যৱসায়ী বাপন দেৱনাথ নামৰ এজন লোকে ডিঙিত গুলীয়াইছিল ছাদ্দাম আলী নামৰ এজন লোকক । পিচত সংকটজনক অৱস্থাত ছাদ্দামক ভৰ্তি কৰোৱা হৈছিল এখন ব্য়ক্তিগত চিকিৎসালয়ত । জানিব পৰা মতে পেছাত এজন ইলেকট্ৰচিয়ান ছাদ্দাম আলী আৰু প্লাম্বাৰ বাপন দেৱনাথ দুয়ো আছিল পুৰণি বন্ধু(Shooting incident at Borbari over alleged love affair) ।
কিন্তু পৰকীয়া প্ৰেমৰ বাবে দুয়োৰে মাজত সংঘাত চলি আছিল । মঙলবাৰে বিয়লি ভাগত দুয়ো বন্ধুৰ মাজত জোনাকী নগৰত কাজিয়া হৈছিল । কাজিয়াৰ মাজতে বাপনে পকেটত থকা পিষ্টল উলিয়াই গুলীয়াই ছাদ্দামক । গুলীচালনা কৰিয়ে পলায়ন কৰে বাপন দেৱনাথে । অৱশেষত স্থানীয় ৰাইজে কৰায়ত্ব কৰি দিছপুৰ আৰক্ষীক গতাই দিয়ে বাপন দেৱনাথক ।