Firing At Guwahati’s Borbari : অভিযুক্ত বাপনে কোকৰাঝাৰৰ পৰা ক্ৰয় কৰিছিল 0.9 MM পিষ্টল
নিউজ ডেস্ক, ৬ মাৰ্চ : অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণাম । অবৈধ প্ৰেমৰ বাবে বন্ধুৱে গুলীয়ালে বন্ধুক(Firing At Guwahati’s Borbari) ।
মঙলবাৰে মহানগৰীৰ বৰবাৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। বাপন নামৰ এজন যুৱকে গুলীচালনা কৰিছিল চাদ্দাম নামৰ এজনলৈ লক্ষ্য কৰি। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাপনক। কিন্তু সম্প্ৰতি পোহৰলৈ আহিছে এই ঘটনাৰ অন্য এক চাঞ্চল্যকৰ তথ্য।
অভিযুক্ত বাপনৰ আন এক স্বীকাৰোক্তী । অভিযুক্ত বাপনে কোকৰাঝাৰৰ পৰা ক্ৰয় কৰিছিল এটা 0.9 MM পিষ্টল। নুৰ ইছলাম নামৰ এজন লোকৰ পৰা কিনিছিল পিষ্টলটো। পিষ্টলটোৰ নাই চৰকাৰী অনুজ্ঞাপত্ৰ। বিগত সপ্তাহত বাপনে পিষ্টলটো লৈ আহিছিল গুৱাহাটীলৈ(Firing At Guwahati’s Borbari)।
জানিব পৰা মতে, বাপন আৰু ছাদ্দামৰ আছিল বন্ধু।কিন্তু প্ৰায় ১০ দিন পূৰ্বে ছাদ্দামে পলুৱাই নিছিল বাপনৰ পত্নীক। পূৰ্বেও এবাৰ বাপনে ধৰা পেলাইছিল পত্নী আৰু চাদ্দামৰ গোপন সম্পৰ্ক। ইয়াৰ পিছত বুজাবুজিৰ মাজেৰেই নিষ্পত্তি হৈছিল সেই সংঘাত। তাৰ পিছতো চাদ্দামৰ সৈতে গোপনে সম্পৰ্ক ৰক্ষা কৰি আহিছিল বাপনৰ পত্নীয়ে।
অভিযুক্ত বাপনৰ পত্নীৰ ঘৰ ধুবুৰীত। সম্প্ৰতি পলাতক হৈ আছে বাপনৰ পত্নী। চাদ্দামে বাপনৰ পত্নীক পলুৱাই নিয়াৰ পিছতে বাপনে কোকৰাঝাৰৰ পৰা পিষ্টলতো লৈ আনিছিল গুলীয়াবলৈ। গুলীচালনা কৰা বাপনৰ ঘৰ কোকৰাঝাৰৰ দাতালপাৰাত(Firing At Guwahati’s Borbari)।
লগতে পঢ়ক : ধেমাজি বৰদলনিত শ্বহীদ জগন্নাথ চুতীয়া পথ উদ্ধোধন