দক্ষিণ কামৰূপৰ সোণতলিত অগ্নিকাণ্ড, ভস্মীভূত এখন বাছ

নিউজ ডেস্ক, ১৯ মাৰ্চঃ দক্ষিণ কামৰূপৰ সোণতলীত মাজনিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড ।সোণতলী বাছ আস্থানত ৰখাই থোৱা বাছত নিশা প্ৰায় ১১:৩০ বজাত হৈছিল এই ঘটনা।
এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় নাৰ্গিছ নামৰ বাছখন ।বাছখনৰ পঞ্জীয়ন নম্বৰ AS 25 AC 9253।
জুইৰ লেলিহান শিখাই ক্ষন্তেক সময়ৰ ভিতৰতে আগুৰি ধৰে সম্পূৰ্ণ বাছ খন ।
স্থানীয় ৰাইজৰ তত্পৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও পলমকৈ অগ্নি নিৰ্বাবক বাহিনীৰ দল উপস্থিত হয়।
কেনেকৈ বাছখনত জুইৰ সুত্ৰপাত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।
লক্ষণীয় বিষয় যে, বৃহত্তৰ সোণতলী বজাৰত ইয়াৰ পুৰ্বেও কেইবাৰো জুইত বহু দোকান-পোহাৰ ভস্মীভূত হৈছিল।এইবাৰো ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কামৰূপ জিলাৰ ভিতৰত সৰ্ববৃহত্ সোণতলী বজাৰ।যাৰবাবে স্থানীয় ৰাইজে সোণতলী অঞ্চলত অগ্নি নিৰ্বাবক কাৰ্যালয় স্থাপন কৰিবলৈ চৰকাৰক দাবী জনায়।