যাত্ৰী কঢ়িওৱা এখন বাছত জুই! নিহত ১১ জন, আহত ৩৮ জন

নিউজ ডেস্ক : শনিবাৰে পুৱা মহাৰাষ্ট্ৰৰ নাছিকত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বাতৰি অনুসৰি পুৱা প্ৰায় ৫.১৫ বজাত যাত্ৰী কঢ়িওৱা এখন বাছত জুই লগাৰ ফলত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ৩৮ জন আহত হৈছে।
বিষয়াসকলে জনোৱা অনুসৰি নাছিক-ঔৰঙ্গাবাদ ঘাইপথত ডিজেল পৰিবহন কৰা ট্ৰেইলাৰ ট্ৰাকত খুন্দা মৰাৰ পিছত বাছখনত জুই লাগিছিল। আৰু আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰিছিল।
অগ্নি নিৰ্বাপকবহিনীৰ বিষয়াসকলে জুই নুমুৱাবলৈ চেষ্টা কৰাৰ সময়ত বাছখন জুইয়ে এটা ডাঙৰ বলৰ দৰে আৱৰি ৰাখিছিল। বিষয়াসকলে কৈছিল যে জুই ইমান তীব্ৰ আছিল যে তেওঁলোকে যাত্ৰীসকলক বচাবলৈ একো কৰিব নোৱাৰিলে।
আৰক্ষীয়ে কৈছে যে তেওঁলোকে এতিয়াও মৃত্যুৰ সঠিক সংখ্যা জানিবলৈ চেষ্টা কৰি আছে। আহত লোকসকলৰ কিছুমানৰ অৱস্থা গুৰুতৰ হোৱা বাবে দুৰ্ঘটনাটোত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাটোত নিহত হোৱা সকলৰ পৰিয়ালৰ বাবে ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। আনহাতে, আহতসকলক ৫০,০০০ টকা প্ৰদান কৰিব।
মুখ্যমন্ত্ৰী একনাথ চিন্দেয়ে দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ৫ লাখ কৈ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।
ৰাজ্যিক মন্ত্ৰী দাদা ভুছে আহতসকলৰ চিকিৎসা ব্যয় মহাৰাষ্ট্ৰ চৰকাৰে বহন কৰিব বুলি জানিব দিছে।