Fire Erupts in Mumbai High Rise Residential Building : ২৪ মহলীয়া আৱাসিক ভৱনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ২৪ মহলীয়া আৱাসিক ভৱনত অগ্নিকাণ্ড । হাহাকাৰ আৱাসিকৰ মাজত ।
মুম্বাইত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটেো(Fire Erupts in Mumbai High Rise Residential Building) ।
উল্লেখ্য় য়ে , বৃহস্পতিবাৰে মুম্বাইৰ এটা ২৪ মহলীয়া আৱাসিক ভৱনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই ঘটনা সংঘটিত হোৱাৰ সময়ত আৱাসিক ভৱনত আৱদ্ধ হৈ আছিল বহু লোক ।
এপাৰ্টমেণ্টটোৰ নাগৰিক সমিতিৰ সদস্যসকলে প্ৰকাশ কৰা অনুসৰি এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটি হোৱা পিছতে ততাতৈয়াকৈ কমেও ১৩৫ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় আৱাসিক ভৱনটোৰ পৰা ।
লগতে এপাৰ্টমেণ্টটোৰ নাগৰিক সমিতিৰ সদস্যসকলে জনাই যে , বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩.৪০ বজাত ঘোড়াপদেও অঞ্চলৰ এমএইচএডিএ কল’নিৰ নিউ হিন্দ মিল কম্পাউণ্ডত অৱস্থিত ভৱনটোৰ তৃতীয় মহলাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়(Fire erupts in Mumbai high-rise residential building; 135 people rescued) ।
জানিব পৰা মতে, ইয়াত চৰকাৰে মিল শ্ৰমিকসকলক ফ্লেট প্ৰদান কৰিছে । সমিতিৰ এগৰাকী সদস্যই জনোৱা মতে, অগ্নিকাণ্ডই বৈদ্যুতিক মিটাৰ কেবিন, ৱায়াৰিং, কেবল, বৈদ্যুতিক নলীত থকা স্ক্ৰেপ সামগ্ৰী, আৱৰ্জনা আৰু আৱৰ্জনা নলীত থকা সামগ্ৰীত বিয়পি পৰে(Fire Breaks out in Mumbai High Rise Building ) ।
তেওঁলোকে লগতে কয় যে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়তে ভৱনটোৰ বিভিন্ন মহলাৰ পৰা কমেও ১৩৫ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে । উদ্ধাৰ কৰা লোকসকলক ২৫ গৰাকীক ছাদৰ পৰা, ৩০ গৰাকীক ১৫ নম্বৰ মহলাৰ পৰা আৰু ৮০ গৰাকীক ভৱনটোৰ ২২ নম্বৰ মহলাৰ পৰা উদ্ধাৰ কৰি উলিয়াই অনা হয়(Fire Breaks out in Mumbai High Rise Building ) ।
আনহাতে, অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জনোৱা অনুসৰি , তেওঁলোকৰ ওচৰলৈ এই অগ্নিকাণ্ডৰ ঘটনাৰ সম্পৰ্কে ফোন যোগে খবৰ অহাৰ লগে লগে পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু তিনিখন পানীৰ টেংকাৰৰ ঘটনাস্থলীত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ অহৰহ প্ৰচেষ্টাৰ অন্তত বৃহস্পতিবাৰে পুৱা ৭.২০ বজাত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ । শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।
আৰক্ষীয়ে ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনাৰ কাৰণ ।
লগতে পঢ়ক :Massive Eviction Drive in Palasbari : পলাশবাৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান