লাহৰিঘাটত ভয়ংকৰ অগ্নিকাণ্ড, জুইত ভষ্মীভূত হ’ল ৯টাকৈ বাসগৃহ

নিউজ ডেস্ক,২১ মাৰ্চঃ লাহৰিঘাটৰ দক্ষিণ চেনীমাৰীত ভয়ংকৰ অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জুইত ভষ্মীভূত হৈ ৯ টাকৈ পৰিয়ালৰ বাসগৃহ।
লগতে নগদ ধন ৪লাখ টকাসহ প্ৰায় ২০ লাখ টকাৰ সা-সম্পত্তি জুইত ভষ্মীভূত হ’ল বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি লাগতিয়াল নথি-পত্ৰসমূহ জুইত জাহ যায়।
চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। শেষত স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত এই জুই নুমুৱাবলৈ সক্ষম হয়।