Fire broke out in a Vehicle parked on the side of the Road : মহাবিদ্যালয় চৌহদত দাউদাউকৈ জ্বলিল পথৰ দাঁতিত ৰখাই থোৱা বাহন

নিউজ ডেস্ক,৩আগষ্ট : বিশ্বনাথ মহাবিদ্যালয় চৌহদত অঘটন। মহাবিদ্যালয় চৌহদত দাও দাওকৈ জ্বলিল ৰখাই থোৱা বলেৰ’ বাহন।
মহাবিদ্যালয়ৰ অধ্যক্ষৰ বাসগৃহলৈ গাড়ীখনৰ গৰাকী প্ৰকাশ উপাধ্যায়ে লৈ আহিছিল। অধ্যক্ষৰ ঘৰত প্ৰৱেশ কৰাৰ পিছতে জ্বলি উঠিল গাড়ীখন।
জ্বলি উঠা গাড়ীখনৰ নম্বৰ As32A 5899(Fire broke out in a Vehicle parked on the side of the Road)।
ঘটনা সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
ইফালে এই ঘটনাৰ পিছতে আতংকিত হৈ পৰে মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী।
এক ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।
লগতে পঢ়ক : Mentally challenged youth beaten, burnt to death by parents : নিজ অসুস্থ পুত্ৰক জুই লগা হত্যা পিতৃ-মাতৃৰ