Local, Vocal, Global

ৰাজধানী দিল্লীত শুক্ৰবাৰে পুৱতি নিশা দুটা পৃথক স্থানত অগ্নিকাণ্ড

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত শুক্ৰবাৰে পুৱতি নিশা দুটা পৃথক স্থানত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।

প্ৰথম ঘটনাটো পুৱা প্ৰায় ৮.১০ বজাত লক্ষ্মী নগৰ অঞ্চলৰ মক্কাৰ মাল্টি স্পেচিয়েলিটি চিকিৎসালয়ত জুই লগাৰ খবৰ পোৱা গৈছিল আৰু তাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই।

কমেও চাৰিখন অগ্নি নিৰ্বাপক গাড়ী চিকিৎসালয়লৈ গৈছিল।

দ্বিতীয়ঘটনাটো পুৱা প্ৰায় ৮.৪৫ বজাত এইমছ মেট্ৰ’ ষ্টেচনৰ ওচৰৰ আনচাৰী নগৰ ইষ্টৰ পৰা খবৰ পোৱা গৈছিল য’ত চফদৰজং চিকিৎসালয়তো জুই লাগিছিল আৰু তাতো কোনো আঘাতৰ খবৰ পোৱা হোৱা নাছিল।

ঘটনাস্থলীত সাতৰ পৰা আঠখন অগ্নিনিৰ্বাপক গাড়ী ততাতৈয়াকৈ গৈছিল আৰু জুই নিয়ন্ত্ৰণলৈ আনিছিল।

অগ্নি নিৰ্বাপক বাহিনীয়ে কৈছিল যে ভৱনটোৰ দ্বিতীয় মহলাত এটা এলিভেটৰৰ ষ্টেবিলাইজাৰত জুই লাগিছিল।

অৱশ্যে, দুয়োটা ঘটনাতে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই আৰু জুই নিয়ন্ত্ৰণলৈ অনা হৈছে।