Local, Vocal, Global

Fire breaks out on Tripura Sundari Express : ফিৰোজপুৰৰ পৰা আগৰতলা অভিমুখী ৰে’লত অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক,২৪জুলাই : ভাৰতীয় ৰেলত অঘটন। পুনৰ ৰে’লত অগ্নিকাণ্ড । ফিৰোজপুৰৰ পৰা আগৰতলা অভিমুখী ৰে’লত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

জানিব পৰা মতে, লামডিং জংচনত প্ৰৱেশ কৰি থকাৰ সময়তে ইয়াডৰ সম্মুখত 189/7 নং ডবাত জুই পৰিলক্ষিত হয়(Fire breaks out on Tripura Sundari Express)।

ঘটনাৰ খবৰ পাই উক্ত স্থানত উপস্থিত হয় ৰে’লৱে কৰ্তৃপক্ষ। ইফালে ঘটনাক লৈ যাত্ৰী সকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। ইতিমধ্যে ৰে’লখন মেৰামতিৰ উদ্দেশ্যে লামডিং ষ্টেচনলৈ অনা হৈছে।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : কচুৱা আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী