Fire breaks out in passenger bus : যাত্ৰীবাহী চলন্ত নৈশ বাছত অগ্নিকাণ্ড;কথমপি প্ৰাণ ৰক্ষা ৪০ জনৰো অধিক যাত্ৰীৰ

নিউজ ডেস্ক,২৮মাৰ্চ : যাত্ৰীবাহী চলন্ত নৈশ বাছত অগ্নিকাণ্ড । কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ ।
নগাঁও বাইপাছত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এইবাৰ চলন্ত বাছত অগ্নিকাণ্ডৰ। বুধবাৰে নিশা গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী ৰত্নাগিৰি চুপাৰত সংঘটিত হয় অগ্নিকাণ্ড ঘটনা। চুপাৰখনৰ যাত্ৰীসকলে কথমপি প্ৰাণ ৰক্ষা কৰে(Fire breaks out in passenger bus)।
জানিব পৰা মতে, গুৱাহাটী অভিমুখী যাত্ৰীবাহী চুপাৰখন চলন্ত অৱস্থাত নগাঁও বাইপাচ পাওঁতেই হৰ্ঠাৎ প্ৰকাণ্ড এটা শব্দ হয় আৰু তাৰ পিছতে বাছখনৰ পাছফালৰ দুটা চকা জ্বলি উঠে। লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হয় । আতংকময় পৰিৱেশৰ মাজত বাছৰ পৰা যাত্ৰীসকলে ওলাই যায়(Moving bus catches fire in Nagaon)।
এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে । ভয়ংকৰ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰায় ৪০ জনৰো অধিক যাত্ৰীৰ।এই অগ্নিকাণ্ডৰ ঘটনাটো কেনেকৈ সংঘটিত হ’ল বৰ্তমানলৈ জানিব পৰা নাই ।