Local, Vocal, Global

Fire Breaks out in luxury vehicle on Duliajan : ৰাজপথতে জ্বলি উঠিল এখন বিলাসী বাহন

নিউজ ডেস্ক, ২১ এপ্ৰিল : ৰাজপথতে জ্বলি উঠিল এখন বিলাসী বাহন ।

দুলীয়াজানৰ ৰাজপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । ৰাজপথতে জ্বলি উঠিল এখন বিলাসী বাহন । বাহনখনৰ ভিতৰত আছিল এগৰাকী অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীৰ লগতে অন্য এগৰাকী মহিলা । ৰাইজৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে দুয়োগৰাকীৰ(Fire Breaks out in luxury vehicle on Duliajan) ।

দুলীয়াজানৰ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতে সংঘটিত হয় এই ঘটনাটো। গাড়ীখনৰ গৰাকী অইল ইণ্ডিয়া লিমিটেডৰ খনন বিভাগৰ কৰ্মচাৰী দুলু প্ৰসাদ দাস বুলি জানিব পৰা গৈছে । জ্বলন্ত বাহনখনৰ নম্বৰ AS-03-AE-7002 ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অইলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদি গাড়ীখনৰ যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয় । এই ঘটনাক কেন্দ্ৰ কৰি নিশা দুলীয়াজানত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ(Fire Breaks out in luxury vehicle on Duliajan)।

লগতে পঢ়ক : Actor Pankaj Tripathi’s brother-in-law dies in road accident : বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীৰ ভগ্নীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত