গৌৰীপুৰৰ সাধুভাসাত অগ্নিকাণ্ড, গৃহহাৰা এটা পৰিয়াল
গৌৰীপুৰঃ ধুবুৰী জিলাৰ আটানী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনত থকা সাধুভাষা ১ম খণ্ড গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডত এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে৷ অগ্নিকাণ্ডৰ ফলত নগত ধনসহ কেইবা লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হয়। সাধুভাষা ১ম খণ্ড গাঁৱৰ নুৰ ইছলাম (৩৫) নামৰ লোকজনৰ গোহালি ঘৰত হঠাৎ জুই লাগি নিমিষতে তিনিটা গৃহ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত ঘৰৰ আচবাব পত্ৰৰ লগতে নগদ ধন, ৫টা পোহনীয়া গৰু, হাঁহ-কুকুৰা, নথি-পত্ৰ, ভোটাৰ কাৰ্ড, এনআৰচি নথি ভস্মীভূত হয়।