Fire Breaks out in Barpeta : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা;অগ্নিকাণ্ডৰ ফলত ৩-৪ লাখ টকাৰ বিস্তৰ ক্ষতিসাধন

বৰপেটা, ২০ জানুৱাৰী : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত ৩-৪ লাখ টকাৰ বিস্তৰ ক্ষতিসাধন (Fire Breaks out in Barpeta)৷
বৰপেটাৰ কাৱৈমাৰী ‘ঘ’ ব্লকত শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । জানিব পৰা মতে, বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয় ৷
বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী ‘ঘ’ ব্লকৰ হিকমত আলী নামৰ এজন লোকৰ বাসগৃহত শুকুৰবাৰে নিশা সংগঠিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো(Fire Breaks out)।
জানিব পৰা মতে, বিদ্যুৎৰশ্বৰ্ট চাৰ্কিটৰ ফলত নিশা প্ৰায় তিনি বজাত সংগঠিত হয় ঘটনাটো । অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুইত প্ৰয়োজনীয় নথি পত্ৰৰ লগতে সকলো সা-সামগ্ৰী ভস্মীভূত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত পহু ধনৰো ব্যপক ক্ষতিসাধন হয়। হিকমত আলীৰ বাসগৃহত সংগঠিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় চাৰি লক্ষাধিক টকাৰ ক্ষতিসাধন হোৱা বুলি অনুমান কৰা হৈছে।
স্থানীয় ৰাইজৰ সহযোগত জুই নুমোবালৈ সক্ষম হয় যদিও জুইত ভস্মীভূত হয় প্ৰয়োজনীয় সা -সামগ্ৰী । অভিযোগ অনুসৰি অগ্নি নিৰ্বাপক বাহিনীৰ গাফিলতিৰ বাবেই সম্পূৰ্ণৰূপে ভষ্মীভূত বাসগৃহটো ।
লগতে পঢ়ক : Fireworks Factory Explosion : আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা; নিহত ২০জনকৈ লোক