Local, Vocal, Global

Fire breaks out in AC coach of Mumbai-bound : যাত্ৰীবাহী ৰে’লৰ এ চি বাগীত দাউ দাউকৈ জ্বলি উঠিল জুই

নেশ্যনেল ডেস্ক,২৭মাৰ্চ : পুনৰ ৰে’লত অগ্নিকাণ্ডৰ ঘটনা । যাত্ৰীবাহী ৰে’লত দাউ দাউকৈ জ্বলি উঠিল জুই। এইবাৰ বিহাৰৰ দনাপুৰত দপদপাই জ্বলি উঠিল এখন যাত্ৰীবাহী ৰে’ল(Fire breaks out in AC coach of Mumbai-bound)।

জানিব পৰা মতে,বিহাৰৰ দানাপুৰৰ পৰা মুম্বাইলৈ যোৱা হোলী স্পেচিয়েলত ট্ৰেইনখনত হঠাৎ শ্বৰ্ট চাৰ্কিটৰ ফলত ০১৪১০ ৰে’লৰ এ চি বাগীত অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰাৰ কৰিসাথ ষ্টপেজত। বৰ্তমানলৈকে কোনো লোক হতাহতিৰ খবৰ পোহৰলৈ অহা নাই। হোলীৰ বাবে ৰে’লখনত যাত্ৰীৰ সংখ্যা খুব কম আছিল।
ৰে’ল বিভাগৰ তৎপৰতা জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়(Fire breaks out in AC coach of Mumbai-bound Holi special train in Bihar’s Bhojpur)।

এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে বহু ৰে’লৰ চলাচল ব্যাহত হৈ পৰাৰ লগতে বহু ৰে’লৰ যাত্ৰাপথ সলনি কৰা হৈছে। ফলত বহু যাত্ৰী সমস্যাৰ সন্মুখীন হয় ।

ৰে’ল বিভাগে ঘটনা সন্দৰ্ভত হেল্পলাইন নম্বৰ প্ৰকাশ কৰিছে। ৰে’ল বিভাগে দানাপুৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰ হৈছে-০৬১১৫২৩২৪০১, আৰাহ হেল্পলাইন নম্বৰ হৈছে-৯৩৪১৫০৫৯৮১ আৰু বাক্সাৰ হেল্পলাইন নম্বৰ হৈছে-৯৩৪১৫০৫৯৭২।

লগতে পঢ়ক : Last date for filing nominations for first phase today : আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন