Local, Vocal, Global

14 suffer injuries in fire at Ujjain Mahakal temple : ভস্ম আৰতিৰ সময়ত মহাকাল মন্দিৰত ভয়ংকৰ অগ্নিকাণ্ড;আহত ১৪ জন পুৰোহিত

নেশ্যনেল ডেস্ক,২৫মাৰ্চ : আজি ৰঙৰ উৎসৱ ফাকুৱা । ফাকুৱা উপলক্ষে ভস্ম আৰতিৰ সময়ত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।মধ্যপ্ৰদেশৰ বিশ্ববিখ্যাত মহাকাল মন্দিৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

জানিব পৰা মতে, মধ্যপ্ৰদেশৰ বিশ্ববিখ্যাত মহাকাল মন্দিৰত পৰম্পৰাগত ভস্ম আৰতিৰ সময়তে মন্দিৰৰ গৰ্ভগৃহত হঠাতে জুইৰ সূত্ৰপাত হয় । এক অগ্নিকাণ্ডত ১৪ জন পুৰোহিত অগ্নিদগ্ধ হয়। ভস্ম আৰতিৰ সময়ছোৱাত আবিৰ-গুলাল প্ৰয়োগ কৰা হৈছিল বুলি জানিব পৰা গৈছে( 14 suffer injuries in fire at Ujjain Mahakal temple)।

এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু আটাইকেইজন বাৰ্ণ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে । বৰ্তমান আটাইকেইজন বিপদমুক্ত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে সঠিক সময়ত জুই নিৰ্বাপণ কৰা হয় আৰু অতি ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে মহাকাল মন্দিৰ । কিয়নো ফাকুৱা উপলক্ষে ভস্ম আৰতিৰ সময়ত মন্দিৰৰ ভিতৰত শ শ ভক্ত উপস্থিত আছিল(Fire breaks out during Bhasma Aarti at Ujjain Mahakal temple, 14 priests injured) ।

জিলা আয়ুক্তি নীৰজ কুমাৰ সিঙে কোৱা অনুসৰি মন্দিৰত হোলী খেলা হৈছিল । ভস্ম আৰতিৰ সময়তে জুইৰ সূত্ৰপাত হয় । তেওঁ জনোৱা মতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : Tragic Road Accident in Lokhra : অসম ৰাজ্যিক পৰিবহন বিভাগৰ ইলেকট্ৰিক বাছৰ খুন্দাত নিহত মহিলা