Local, Vocal, Global

Fire breaks out at residential society in Greater Noida : বিধ্বংসী অগ্নিকাণ্ড; দাউ দাউকৈ জ্বলি উঠিল দুটাকৈ সুউচ্চ অট্টালিকা

নেশ্যনেল ডেস্ক,৭ মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । দপদপাই জ্বলি উঠিল দুটাকৈ সুউচ্চ অট্টালিকা(Fire breaks out in Greater Noida high-rise)।

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।নয়ডাত দপদপাই জ্বলি উঠিল দুটাকৈ সুউচ্চ অট্টালিকা। গ্ৰেটাৰ নয়ডা পশ্চিমৰ এটা আৱাসিক এলেকাত সংঘটিত হৈছে এই ঘটনাটো।

বৃহস্পতিবাৰে পুৱা গ্ৰেটাৰ নয়ডাৰ গৌৰ চহৰৰ ১৬ নং এভিনিউৰ এটা হাইৰাইজ অট্টালিকাৰ দ্বিতীয় মহলাত সংঘটি হয় বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহতি হোৱা নাই যদিও যথেষ্ট সম্পত্তিৰ ক্ষতি সাধন হৈছে(Fire breaks out in Greater Noida high-rise; no casualties) ।

এই অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত বিছৰাখ থানাৰ গৌৰ চিটি ২ৰ আৰক্ষী আউটপোষ্ট প্ৰভাৰী প্ৰমোদ কুমাৰে কয়, “বৃহস্পতিবাৰে পুৱা ৯:৪০ বজাত বিছৰাখৰ ১৬ নং এভিনিউৰ এটা হাইৰাইজৰ দ্বিতীয় মহলাৰ তলাবন্ধ ফ্লেটত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়।” এই ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ পৰা তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুঘণ্টা ধৰি প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰে(Fire breaks out at residential society in Greater Noida)।’

এছ আইয়ে ঘটনা সন্দৰ্ভত কয় যে , ‘এই ঘটনা সন্দৰ্ভত তদন্তত পোহৰলৈ আহিছে যে ফ্লেটৰ মালিক ৰাহুল পণ্ডিত জম্মু-কাশ্মীৰলৈ ভ্ৰমণৰ বাবে গৈছিল। অগ্নিকাণ্ডৰ সময়ত ফ্লেটটোত তলা বন্ধ হৈ আছিল। এই ঘটনাটো শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। কিন্তু ঘটনা সন্দৰ্ভত তদন্ত চলি আছে।’ এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই ।

লগতে পঢ়ক : 300 Congress workers join BJP : ৩০০ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান