Local, Vocal, Global

Fire Breaks out at Residential Building : দুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ২২অক্টোবৰ : এক ভয়ংকৰ অগ্নিকাণ্ড । দুমহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ ঘটনা(Fire Breaks out at Residential Building) ।

দেওবাৰে পুৱা সংঘটিত এই ভয়ংকৰ ঘটনাটো । দেওবাৰে দিল্লীৰ ঘন্টাঘৰত এটা আৱাসগৃহৰ দ্বিতীয় মহলত অগ্নিকাণ্ড সংঘটিত হয়(Fire breaks out at residential building in North Delhi) ।

দিল্লীৰ ঘন্টাঘৰত পঞ্জাৱ নেশ্যনেল বেংকৰ চুবজি মাণ্ডি ঘড়ী টাৱাৰৰ সমীপত হৰফুল সিং নামৰ এটা অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ডটো।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ডটো সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাৰ পিছতে দিল্লী অগ্নিনিৰ্বাপক বাহিনীক ফোন কৰি অৱগত কৰে । এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী(Fire breaks out at residential building in North Delhi) ।

উল্লেখ্য যে, দেওবাৰে পুৱা প্ৰায় ৭.৪০ বজাত দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে এই ঘটনাৰ বিষয়ে খবৰ লাভ কৰিছিল ।

এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱা লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় ৭গৰাকী মহিলাসহ ৬টা শিশুকে ধৰি ১৬জন লোকক উদ্ধাৰ কৰে।

বৰ্তমান অট্টালিকাটোৰ জুই নিয়ন্ত্ৰণত আছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Road Accident : দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ