কানপুৰৰ হামৰাজ বজাৰত বিধ্বংসী অগ্নিকাণ্ড!

ডিজিটেল ডেস্ক:- শুকুৰবাৰে নিশা কানপুৰৰ বাসমাণ্ডি অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড। কানপুৰৰ হামৰাজ বজাৰৰ বনস্মাণ্ডিৰ কাষৰ আৰ টাৱাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিশা সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডই এক ভয়ংকৰ ৰূপ ধাৰণ কৰে। জুই নুমুৱাবলৈ কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীলৈ উপস্থিত হয়।
এ আৰ টাৱাৰ, মাছুদ টাৱাৰ ১, মাছুদ টাৱাৰ ৩ আৰু হামৰাজ কমপ্লেক্সত এই অগ্নিকাণ্ডটো সংঘটিত হয়। জুইৰ শিখা এছ বি আই বেংকলৈও বিয়পি পৰে। জানিব পৰা মতে,তীব্ৰ বতাহৰ বাবে জুইবোৰ ওচৰৰ বজাৰ আৰু অট্টালিকালৈ বিয়পি যায়।
আৰক্ষীয়ে জানিব দিয়া মতে তীব্ৰ বতাহৰ বাবে, প্ৰতি মুহূৰ্তত জুই বাঢ়ি যায়। তিনিটা কমপ্লেক্সৰ প্ৰায় ৫৪০ খন দোকান ইতিমধ্যে জুইত ভস্মিভুত হয়।
প্ৰায় ৬৫ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ অহৰহ চেষ্টা কৰি আছে। বৰষুণৰ লগতে তীব্ৰ বতাহও দি থকাৰ বাবে জুই নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰিছে।অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা এতিয়াও জুই নুমুৱাবলৈ চেষ্টা অব্যাহত আছে।