Local, Vocal, Global

Delhi AIIMS: দিল্লীৰ AIIMS ত বিধ্বংসী অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ৭আগষ্ট : দিল্লীৰ এইমছত বিধ্বংসী অগ্নিকাণ্ড(Delhi AIIMS) ।সোমবাৰে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডটোৰ ঘটনাটো ।দিল্লীৰ এইমছৰ পুৰণি ৰাজ কুমাৰী অ’পিডি ভৱনৰ দ্বিতীয় মহলাৰ জৰুৰীকালীন ৱাৰ্ডৰ কাষতে অৱস্থিত এণ্ডোস্কোপী কোঠাত হঠাৎ অগ্নিকাণ্ড হয়(Emergency Ward At AIIMS In Delhi Closed Temporarily After Fire In Hospital
) । জানিব পৰা এই অগ্নিকাণ্ডটোৰ ঘটনাটো সোমবাৰে পুৱা প্ৰায় ১১:৫৪ মান বজাত সংঘটিত হয়(Fire breaks out in endoscopy room patients evacuated)।

এই অগ্নিকাণ্ডৰ ফলত আতংকিত হৈ পৰিছে চিকিসাৎলয়খনৰ ৰোগী-অভিভাৱক, কৰ্মচাৰীসকলো। অগ্নিকাণ্ডৰ লগে লগে সকলো ৰোগী আৰু কৰ্মচাৰীক অন্য স্থানলৈ স্থানান্তৰ কৰে ।এই ভয়ংকৰ সংঘটিত হোৱাৰ লগে লগে ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে ।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, জুই নিৰ্বাপনৰ বাবে ৮খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ কৰা হৈছে।

পুৱা প্ৰায় ১১.৫৪ বজাত অগ্নিকাণ্ডৰ সন্দৰ্ভত তথ্য লাভ কৰা হয়। এইমছত উদ্ধাৰ অভিযান চলি আছে(Fire breaks out at Delhi’s AIIMS patients evacuated)।

উল্লেখ্য যে ঘটনাৰ পিছতে এইমছৰ সঞ্চালক প্ৰধান উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয় ।