Local, Vocal, Global

Fire Break Out in Nagaon: নগাঁৱৰ কচুৱাৰ ২নং ফাকলিত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক,২২অক্টোবৰ : নগাঁৱৰ কচুৱাৰ ২নং ফাকলিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। সোমবাৰে নিশা কচুৱাৰ ২নং ফাকলিত আব্দুল কাচেম নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়(Fire Break Out in Nagaon)।

অগ্নিকাণ্ডৰ ফলত কাচেমৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয় লগতে অগ্নিকাণ্ডত ২ লক্ষাধিক টকাৰ সা-সামগ্রীৰ ক্ষয়-ক্ষতি হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে ঘটনাৰ কিছুসময় পাছতেই স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক :Road Accident in Sonari: মটৰ চাইকেল আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন