Local, Vocal, Global

Fire break out in Jonai Market : জোনাইত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিকাণ্ডত প্ৰায় দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত

নিউজ ডেস্ক, ২ জুলাই : শনিবাৰে নিশা জোনাইত ভয়ংকৰ অগ্নিকাণ্ড(Fire break out in Jonai Market) । জানিব পৰা মতে জোনাইৰ জোনকাৰেং তিনিআলিৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা এখন দোকান পৰা হঠাতে জুইৰ সুত্ৰপাত হয় (Fire break out in Jonai Market)৷ জুইৰ লেনিহান শিখাৰ ফলত কাষতে থকা আন কেইবাখনো দোকানলৈ বিয়পি পৰে ৷ এই ভয়াৱহ অগ্নিকাণ্ডত জোনকাৰেং তিনিআলিৰ ১০ খনকৈ দোকান সম্পূৰ্ণ ৰূপে জুইত জাহ যায়(Fire break out in Jonai Market) ৷

জুইত এখন গেলামাল, এখন হোটেল, এখন কম্পিউটাৰ, এখন সূতাৰ আৰু আন কিছু সৰু দোকান সম্পূৰ্ণ ৰূপে জাহ যায় ৷ ফলত ২০-২৫ লক্ষাধিক টকাৰ সম্পত্তি জাহ যোৱা বুলি সন্দেহ কৰা হৈছে ৷ জুইৰ সূত্ৰপাতৰ বিষয়ে জানিব পৰা হোৱা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । ঘটনাস্থলীত জোনাই অগ্নিনিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়।

লগতে নিশা মহানগৰীত নিচাসক্ত চালকৰ উদ্ভণ্ডালি । গুৱাহাটী বশিষ্ঠত AS-01-DN-7124 নম্বৰৰ দ্ৰুতবেগী বাহনখনে পথৰ কেইবাটাও বিদ্যুতৰ খুঁটাত খুন্দা মাৰি ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষতিসাধন কৰে(Speeding Vehicle Collides with Electric Poles)।ফলত কেইবাজনো পথচাৰি আঘাতপ্ৰাপ্ত হয় (Injures Pedestrians)। আঘাতপ্ৰাপ্ত লোক কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে তদন্তত পোহৰলৈ আহিছে যে দুৰ্ঘটনাটোৰ বাবে দায়ী বাহনখনৰ মালিক দীপামনি দাস । দীপামণি দাসে নিশা মদ্যপান কৰি তীপব্ৰেগে গাড়ী চলাই গৈ আছিল । তীব্ৰবেগী বাহনে মহতিয়াই থৈই যায় কেইবাটাও বিদ্যুতৰ খুটা লগতে দুৰ্ঘটনাত আঘাতপ্রাপ্ত কেইবাজনো পথচাৰী । জানিব পৰা মতে বাহনখন মেঘালয়ৰ পৰা আহি আছিল ।

ইয়াৰ পূৰ্বে ২ জুনত মে’ মাহত জালুকবাৰী অঞ্চলত সংঘটিত হোৱা মৰ্মান্তিক দুৰ্ঘটনাৰ ফলত পৰিবহণ বিভাগে অসাৱধান আৰু মদ্যপান কৰি গাড়ী চলোৱাৰ ঘটনা ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল। গুৱাহাটীত মদ্যপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে অভিযান অব্যহত থকাৰ সময়তে পুনৰ এনে ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক : Online service disruptions: বিশ্বব্যাপী অনলাইন সেৱা ব্যাহত হোৱাৰ চৰ্চাৰ মাজতে টুইটাৰত প্ৰৱেশত সমস্যা পোৱাৰ অভিযোগ টুইটাৰ ব্যৱহাৰকাৰীসকলৰ