Fire at Air China jetliner: চীনৰ যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড
ইন্টাৰনেশ্যনেল ডেস্ক, ১১ছেপ্টেম্বৰ : বিমানত অগ্নিকাণ্ড । যাত্ৰীৰ মাজত হাহাকাৰ । ছিংগাপুৰ বিমানবন্দৰত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতি । এয়াৰ চাইনাৰ এখন বিমানত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু পাছতে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ(Fire at Air China jetliner) ।
জানিব পৰা মতে, ছিংগাপুৰত বিমান অৱতৰণৰ সময়তে এয়াৰ চাইনা বিমানৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হয় । সেই জুইৰ ধোঁৱাই নিমিষতে আৱৰি ধৰে বিমানখনৰ কেবিন। ফলত বিমানখনৰ ৯ গৰাকী যাত্ৰী আহত হয় বুলি খবৰ পোৱা গৈছে(Air China jet evacuated after engine fire sends smoke into cabin in Singapore) ।
চাংগি বিমানবন্দৰৰ চৰকাৰী সূত্ৰই ফেচবুক পেজৰ এক বিবৃতিত কয় যে ১৪৬ গৰাকী যাত্ৰী আৰু ৯ গৰাকী কৰ্মচাৰীৰ সৈতে এয়াৰবাছ A-৩২০ খনে দেওবাৰে আবেলি প্ৰায় ৪:১৫ বজাত জৰুৰী অৱতৰণ কৰে ।চীনৰ চিচুয়ান প্ৰদেশৰ চেংডু চহৰৰ পৰা আহিছিল বিমানখন(Air China Flight Engine Fire Sends Smoke In Cabin 9 Injured) ।
এই চৰকাৰী বিবৃতিত অনুসৰি, বিমানত অগ্নিকাণ্ডৰ ফলত ওলোৱা ধোঁৱাৰ বাবে একাংশ যাত্ৰীয়ে উশাহ লোৱাত কষ্ট পায় । আনহাতে অগ্নিকাণ্ডৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় আৰু একাংশ যাত্ৰী হুলস্থূলৰ মাজতে আঘাতপ্ৰাপ্ত হয় । বিমানখনৰ পাইলটজনে ফৰৱাৰ্ড কাৰ্গো হোল্ড আৰু শৌচাগাৰত ধোঁৱা ওলোৱাৰ প্ৰতিবেদন দিয়াৰ পাছতে জৰুৰীকালীন অৱতৰণ কৰে ।
ইফালে ধোঁৱাৰ ফলত কেবিনৰ লাইটবোৰ অস্পষ্ট হৈ পৰে আৰু বিমানৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক শান্ত হবলৈ আৰু তেওঁলোকক নিজ নিজ আসনত থাকিবলৈ অনুৰোধ জনায় । কিন্তু আতংকিত হৈ একাংশ যাত্ৰীয়ে আসনৰ পৰা উঠি যায় । বিমানখন অৱতৰণ কৰাৰ পাছত বাওঁ ইঞ্জিনৰ জুই তাৎক্ষণিকভাৱে নিৰ্বাপিত কৰে । এয়াৰ চাইনাই সোমবাৰে পুৱতি নিশা সামাজিক মাধ্যমৰ পোষ্টত কয় যে প্ৰাথমিক অনুসন্ধানত ইঞ্জিনৰ যান্ত্ৰিক বিফলতাৰ বাবে অগ্নিসংযোগ হোৱাৰ তথ্য পোহৰলৈ আহিছে । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও কোৱা হৈছে ।