Local, Vocal, Global

Wctch | Fire and safety awareness program of North Eastern Fire Service Academy in Dibrugarh: ডিব্ৰুগড়ত নৰ্থ ইষ্টাৰ্ণ ফায়াৰ চাৰ্ভিচ একাডেমীৰ অগ্নি আৰু সুৰক্ষাৰ সজাগতা কাৰ্যসূচী

ডিব্ৰুগড়: আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পিছতে ডিব্ৰুগড়ত নৰ্থ ইষ্টাৰ্ণ ফায়াৰ চাৰ্ভিচ একাডেমীৰ অগ্নি আৰু সুৰক্ষাৰ সজাগতা কাৰ্যসূচী। ভাৰত চৰকাৰৰ অধীনত ডিব্ৰুগড় জিলাত প্ৰতিষ্ঠা হোৱা আৰু ১৮৬০ চনৰ ছ’চাইটি পঞ্জীয়ন আইন আৰু অসম চৰকাৰৰ ট্ৰাষ্ট আইনৰ অধীনত পঞ্জীয়নভুক্ত নেফছাই অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সঁহাৰিৰ ক্ষেত্ৰত দক্ষ পেছাদাৰী ব্যক্তিৰ সৃষ্টি কৰি সমাজলৈ সক্ৰিয়ভাৱে অৱদান আগবঢ়াই আহিছে।

উক্ত প্ৰতিষ্ঠানটোৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান আই অ’ চি এল, অ’ এন জি চি, অইল ইণ্ডিয়া লিমিটেড, এন আৰ এল, এন এইচ পি চি আৰু বহুতো সুনামধন্য সংস্থাত সেৱা আগবঢ়াই আছে। সুৰক্ষা সজাগতা আৰু প্ৰস্তুতি বৃদ্ধিৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি জৰূৰীকালিন সমস্যা সন্মূখীন হোৱা লগতে অগ্নি আৰু সুৰক্ষাৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে।বৰ্তমানৰ কেডেটৰ গোটটোৱে এঘণ্টাৰ লাইভ মক ড্ৰিল অনুষ্ঠিত কৰে।