Local, Vocal, Global

WATCH | Fir Against the Beer Lachit Sena: দুলীয়াজানত বি এন সিঙ তেল ডিপোৰ তত্বাৱধায়ক সীমান্ত শ‌ইকীয়াৰ সংবাদমেল

নিউজ ডেস্ক,২২ মে’ : ৰাজ্যজুৰি অব্যাহত আছে দুলীয়াজানত বি এন সিং তেল ডিপোত সংঘটিত মাৰপিটৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া । কিয়নো যোৱা ১৭ মে’ত দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ’ল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা । আক্ৰমণত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ(Fir Against the Beer Lachit Sena)।

দুলীয়াজানত বি এন সিং তেল ডিপোৰ পৰিচালক মিণ্টু শইকীয়াই সংবাদমেলত কয়, “১৭ তাৰিখে বি এন সিং তেল ডিপোত যি ঘটনা হ’ল সকলোৱে জানে সেই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত কৰি আছে । দোষীয়ে শাস্তি পাব তাত আমাৰ ক’ব লগা নাই । কিন্তু ইয়াত প্ৰতিবাদ কৰি গোটেই বিষয়টো অসমীযা-বিহাৰী কৰি পেলালে । বীৰ লাচিত সেনাই ইয়াত বহু অমাৰ্জিত কথা কৈ প্ৰতিবাদ কৰিছে । মই এজন অসমীয়া ল’ৰা, মোৰ জন্ম দুলীয়াজানতেই ।”

তেওঁ লগতে কয়, “মই এজন বিহাৰী সম্প্ৰদায়ৰ মানুহৰ লগত ব্যৱসায় কৰিছোঁ ঠিকেই । গোটেই অসমত কেৱল ময়েই বিহাৰী সম্প্ৰদায়ৰ মানুহৰ লগত জড়িতনে ? এই তেল ডিপোত অসমীয়া ল’ৰাই কাম কৰিছে ‌। ইয়াৰ স্থানীয় যুৱক-যুৱতীয়ে কাম কৰিছে । তেনেস্থলত বীৰ লাচিত সেনাই অনাঅসমীয়া পৰিস্থিতি এটা সৃষ্টি কৰিছে ।”

লগতে পঢ়ক : WATCH | Tanu Shahi has sought forgiveness :’মোৰ মুখেৰে ওলোৱা কথাখিনিক লৈ মই দুঃখিত’,মোক নিজৰ ছোৱালী ভাৱি ক্ষমা কৰি দিব’