Local, Vocal, Global

FIR against Himanta Biswa Sarma : মুখ্যমন্ত্রীৰ বিৰুদ্ধে এজাহাৰ দাখিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

নিউজ ডেস্ক, ২১ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে বিধায়কজনে(FIR against Himanta Biswa Sarma)।

মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ সভাপতি কমল নাথৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য কৰাৰ অভিযোগ এজাহাৰ দাখিল কৰিছে বিৰোধী দলপতিগৰাকীয়ে । বুধবাৰে সন্ধিয়া এজাহাৰ দাখিল কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই(Himanta Biswa Sarma)।

এজাহাৰ দাখিলৰ পাছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, উচ্চতম ন্যায়ালয়েও ৰাজনৈতিক নেতাই বিদ্বেষমূলক মন্তব্য দিয়াটো উচিত নহয় বুলি কৈছে । লগতে গোচৰ তৰাৰ কথাও কৈছে । সোমবাৰে মধ্যপ্ৰদেশত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰৰোচনা তথা বিদ্বেষমূলক মন্তব্য কৰিছিল(FIR against Himanta Biswa Sarma) ।

লগতে দেৱব্ৰত শইকীয়াই কয় যে এনে ধৰণৰ মন্তব্য মুখ্যমন্ত্রীৰ পৰা আশা কৰা নাছিল । দেৱব্ৰত শইকীয়াই কয় এইক্ষেত্রত অসম আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা ল’ব বা কি ধাৰা প্ৰয়োগ কৰিব সেই বিষয়ে তেওঁ নাজানে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সকলো সময়তে ধৰ্মীয় উত্তেজনা বিয়পোৱা মন্তব্য কৰি আহিছে বুলি উল্লেখ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মধ্য প্ৰদেশৰ বৈশালী নগৰত ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি কমল নাথ যদি হনুমান ভক্ত হয় তেন্তে তেওঁ লংকাৰূপী ১০ জনপথ জ্বলাই দিব লাগে বুলি মন্তব্য কৰিছিল ৷ ১০ জনপথ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ চৰকাৰী আৱাসস্থান ৷ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে অসম প্ৰদেশ কংগ্ৰেছ ৷

লগতে পঢ়ক :Nagaon Youth Apprehended for Alleged Involvement in Anti National Activities : ভুৱনেশ্বৰৰ পৰা যুৱকক বিচাৰি নগাঁৱৰ জাজৰি থানাত উপস্থিত ওড়িশাৰ CIDৰ দল