Local, Vocal, Global

আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব পূৰ্ণাংগ বাজেট

নিউজ ডেস্ক,১৬ মাৰ্চঃ বুধবাৰে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ পূৰ্ণাংগ বাজেট। আজি বিয়লি বিত্তমন্ত্ৰীয়ে সদনত দাখিল কৰিব এই বাজেট। কি কি থাকিব এই বাজেটত, ইয়াক লৈ ইতিমধ্যে শাসক বিৰোধীৰ মাজত সৰৱ চৰ্চা হৈছে।

২০২০-২১ বৰ্ষৰ বাজেট ধাৰ্য ১,০৫,২৪৬ কোটি টকাৰ মাত্ৰ ৮৭,৩৫৪ কোটি টকাহে ব্যয় হোৱা বুলি জানিব পৰা গৈছে।

আজি বিধানসভাৰ মজিয়াত দাখিল কৰিবলগীয়া মঙলবাৰে কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰি গৃহীত কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

কেবিনেট বৈঠকৰ সন্দৰ্ভত সাংবাদিকৰ আগত সদৰী কৰি ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে- কেবিনেটে কাইলৈ উত্থাপন হ’বলগীয়া বাজেটৰ সকলো দিশ পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি অনুমোদন জনায়। ইয়াৰ লগতে আৰু কেইটামান বিষয়ত সিদ্ধান্ত হৈছে। পৰৱৰ্তী অলিম্পিক প্ৰতিযোগিতাত নমলাকৈ লাভলীনা বৰগোঁহাইক ৰাজ্য চৰকাৰে মাহে আঢ়ৈ লাখ টকা প্ৰশিক্ষক জনক মাননী প্ৰদান কৰিব। লগতে হিমা দাসকো তেঁওৰ প্ৰশিক্ষণৰ বাবে মাহে এক লাখ টকাকৈ অহা অলিম্পিকত প্ৰস্তুতিৰ বাবে প্ৰদান কৰিব।

উল্লেখ্য যে, ১৪ মাৰ্চৰ পৰা পহিলা এপ্ৰিললৈ মুঠ ১১ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বিধানসভাৰ বাজেট অধিৱেশন৷