শিক্ষাৰ্থীসকলৰ বাবে বৃহৎ ঘোষণা বাজেটত, বিধানসভাত দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে
নিউজ ডেস্ক, ১৬ মাৰ্চঃ ২০২২-২৩ বৰ্ষৰ বাজেটত শিক্ষাৰ্থীসকলৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিছে। বাজেটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ সন্দৰ্ভতো বিতং তথ্য আগবঢ়াই বিত্তমন্ত্ৰীগৰাকীয়ে। লগতে আগন্তুক সময়ত আঁচনিখনৰ অধীনত কি কি সেয়া আগবঢ়োৱা হ’ব সেইলৈয়ো মন্তব্য কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।
স্নাতক শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু পাঠ্যপুথি ক্ৰয়ৰ বাবে সাহায্য প্ৰদান কৰা হ’ব।
স্নাতক মহাবিদ্যালয়, মেডিকেল কলেজ, পলিটেকনিক মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰতিমাহে হোষ্টেলৰ মাছুল ২০০০ টকালৈকে ৰেহাই দিয়া হ’ব।
দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ-ছাত্ৰীৰে নামভৰ্তি মাচুল ৰেহাই কৰিব।
অভিনন্দন আঁচনিৰ অধীনত শিক্ষা ঋণ সাহায্য অব্যাহত থাকিব।
উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ স্কুটাৰ প্ৰদান কৰা হ’ব।
স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতিবছৰে এক যাতায়তী বানচ হিচাপে ১০,০০০ টকাৰ অনুদান আগবঢ়াব।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ-ছাত্ৰীৰ বাবে আনন্দৰাম বৰুৱা বঁটা অব্যাহত থাকিব।
লগতে প্ৰজ্ঞান ভাৰতী আঁচনিৰ বাবে ৪১০ কোটি টকা ধাৰ্য।