Local, Vocal, Global

আজিৰে পৰা আৰম্ভ মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

নিউজ ডেস্ক,১৫ মাৰ্চঃ সকলো উৎকণ্ঠাৰ অন্তত আজিৰে পৰা অনুষ্ঠিত হৈছে ২০২২ বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ৰাজ্যৰ ৯০৩ টা পৰীক্ষা কেন্দ্ৰত এইবাৰ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

ক’ভিডৰ বাবে যাতে কোনো পৰীক্ষাৰ্থীয়ে অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়, তাৰবাবে ৯০৩টা পৰীক্ষা কেন্দ্ৰতে ক’ভিডৰ আছুতীয়া কক্ষ থাকিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে সদৰী কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন।

উল্লেখ্য যে, ১৫ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা। একেদৰে আজিৰ পৰা অনুষ্ঠিত হৈছে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান,বাণিজ্য আৰু বৃত্তিমূলক শাখাৰ চূড়ান্ত পৰীক্ষা।

এইবাৰ ৭৯৬টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ১৫ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হ’ব।
বিগত বৰ্ষৰ দৰে এইবাৰো পৰীক্ষা কেন্দ্ৰত নিষিদ্ধ কৰা হৈছে ম’বাইল ফোনকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰী।