Film The Slam Book to Release Soon : “শ্ৰী ৰঘুপতি” ৰ পিছত এইবাৰ ছবিগৃহলৈ আহি আছে “দ্য শ্লেম বুক”
এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ২৩ জুন : বৰ্তমান চলি আছে অসমীয়া চিনেমাৰ জয় যাত্ৰা । “আদিপুৰুষ” ৰ দৰে হিন্দী ছবিক পিছ পেলাই ৰবি শৰ্মাৰ অভিনীত “শ্ৰী ৰঘুপতি”য়ে এতিয়া অসমত সফলতাৰ জয়গান গাইছে (Film The Slam Book to Release Soon) । এই সফলতাৰ জয়গানৰ মাজতেই ছবিগৃহত আহি আছে আন এখন নতুন অসমীয়া ছবি “দ্য শ্লেম বুক” (Film The Slam Book to Release Soon)।
অসমীয়া ছবি প্ৰেমীৰ এটা চিনাকি নাম এন্ কে প্ৰডাকচন (NK Production)। এই এন কে প্ৰডাকচনে ৪০ বছৰীয়া সফল যাত্ৰাত এখন ছবি উপহাৰ দিবলৈ সাজু হৈছে অসমীয়া ছবিপ্ৰেমীসকলক । অহা ৩০ জুন তাৰিখে “দ্য শ্লেম বুক” ছবিখনে ছবিগৃহত শুভমুক্তি লাভ কৰিব । ইতিমধ্যেই ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ লগতে ৪ টাকৈ গীত ইউটিউবত মুকলি কৰা হৈছে ।
উল্লেখ্য যে ছবিখনৰ ট্ৰেইলাৰ লগতে আটাইকেইটা গীতেই অসমবাসীৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে।
উল্লেখ্য যে, এই ছবিখনত অভিনয় কৰিছে নৱপ্ৰজন্মৰ একাংশ উদীয়মান অভিনেতা-অভিনেত্ৰীসকল । নৱনিৰ্মিত ছবিখন ২০১৯ চনতেই সকলো দৃশ্য গ্ৰহণৰ কাম সম্পূৰ্ণ কৰা হৈছিল । কিন্তু কোভিড মহামাৰীৰ বাবে ছবিখনৰ মুকলি দিন পিছুৱাব লগীয়া হৈছিল । কৈশোৰৰ বন্ধুত্ব, প্ৰেম, বিশ্বাস, প্ৰতাৰণা আদি কাহিনীৰে নিৰ্মিত ছবিখনৰ কাহিনী আৰু পৰিচালনা কৰিছে প্ৰাঞ্জল গয়াৰীয়ে ।
শীৰ্ষক ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ, প্ৰযোজনা কৰিছে দেৱ বৰকটকীয়ে । মুম্বাইত প্ৰতিষ্ঠিত জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ । ছবিখনৰ সংগীত কৰিছে জুবিন গাৰ্গ । জুবিন গাৰ্গ, ৰোহিত চ’নাৰ আৰু বহুকেইজন জনপ্রিয় শিল্পীয়ে ছবিখনত কণ্ঠদান কৰিছে ।
আনহাতে ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছে আসাম ভেলী স্কুল তেজপুৰ বালিপাৰাৰ গুৱাহাটী আৰু শ্বিলঙৰ মনোৰম স্থানত । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী শ্ৰেষ্ঠা চৌধুৰী আৰু অভিনেতা নিৰূপম শইকীয়াই । লগতে ছবিখনত দেখা পোৱা যাব কেইবাগৰাকীও ন-পুৰণি শিল্পী ।
আনহাতে ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে শ্যামন্তিকা, মেঘৰঞ্জনীকে আদি কৰি বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, ৰাজ দত্ত, চিন্ময় বৰগোঁহাই আৰু প্ৰিয়ংকা বৰুৱাই ।
লগতে পঢ়ক : Ambubachi Mela 2023 : ভক্তৰ বাবে বন্ধ হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ