Local, Vocal, Global

Film editor Nishadh Yusuf found dead at apartment :কেৰালাৰ প্ৰখ্যাত চলচ্চিত্ৰ সম্পাদক নিশাধ ইউছুফৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক,৩১অক্টোবৰ : কেৰালাৰ প্ৰখ্যাত চলচ্চিত্ৰ সম্পাদক নিশাধ ইউছুফৰ মৃতদেহ উদ্ধাৰ।বুধবাৰে পুৱতি নিশা প্ৰায় ২ মান বজাত কেৰালাৰ পানাম্পিলি নগৰৰ এটা এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ মৃতদেহ।

এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি ঘটনাটো আত্মহত্যাৰ ঘটনা বুলি সন্দেহ । কিন্তু ঘটনা সন্দৰ্ভত অধিক বিৱৰণ প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, ইউছুফ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এজন প্ৰসিদ্ধ ব্যক্তি আছিল ৷ ২০২২ চনত তেওঁ থাল্লুমালা চলচ্চিত্ৰখনত দৃষ্টান্তমূলক কামৰ বাবে শ্ৰেষ্ঠ সম্পাদকৰ সন্মানীয় কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল । খালিদ ৰহমানৰ দ্বাৰা পৰিচালিত এই একশ্যন ড্ৰামাখনত টভিনো থমাছে মুখ্য চৰিত্ৰত অভিনয় কৰিছে( Film editor Nishadh Yusuf found dead at apartment)।

কেৰিয়াৰৰ সময়ছোৱাত ইউছুফে কেইবাখনো ছবি সম্পাদনা কৰিছিল ৷ চাভাৰ, উণ্ডা, চৌদি ভেলাক্কা, ওৱান, অপাৰেশ্যন জাভা আৰু আগন্তুক ছবি কাংগুভা, য’ত অভিনয় কৰিছে সুপৰিচিত অভিনেতা সূৰ্যই । তেওঁৰ সম্পাদনা শৈলীয়ে এই ছবিসমূহৰ কাহিনী কোৱা আৰু গতিশীলতাত যথেষ্ট অৰিহণা যোগাইছিল, যাৰ ফলত তেওঁ উদ্যোগটোৰ এজন চাহিদা থকা সম্পাদক হিচাপে পৰিগণিত হৈছিল ।

তেওঁৰ শেহতীয়া প্ৰজেক্ট কাংগুভা আৰু মামুট্টী অভিনীত একশ্যন থ্ৰিলাৰ ছবি বাজুকাই চিনেমা জগতখনত তেওঁৰ প্ৰভাৱ উজ্জ্বল কৰি তুলিছে।

লগতে পঢ়ক :Boat race in south salmara: দক্ষিণ শালমাৰাত ১০০ বছৰৰ পুৰণি পৰম্পৰাগতা নাওখেল প্ৰতিযোগিতা