Film director Kumar Samarendra Narayan Dev passes away:অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, প্ৰযোজক কুমাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দেহাৱসান

নিউজ ডেস্ক,২৬জানুৱাৰী : অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক দুঃখবৰ । অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, প্ৰযোজক কুমাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দেহাৱসান। অসমীয়া চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক কুমাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱ, যিগৰাকী লোকে নিজৰ গাঁঠিৰ ধন ভাঙি ৭০ দশকত অসমীয়া চলচ্চিত্ৰ, সংগীতৰ হকে কাম কৰিছিল । তেওঁৰ পৰিচলনাতে সেই সময়ত জনপ্ৰিয় হৈছিল অৰণ্য, পুতলা ঘৰ, সোণৰ হৰিণ, কাজিৰঙাৰ কাহিনী, ৰাজা, বীৰ চিলাৰায়ৰ কথা কোনে পাহৰিব আদি ছবি(Film director Kumar Samarendra Narayan Dev passes away)।
তেওঁৰ এই ছবিবোৰৰ জড়িত হৈ সেই সময়ত অভিনেতা-অভিনেত্ৰীৰ লগতে কলা-কুশলী হিচাপে আত্মপ্ৰকাশ কৰি ৰাজ্যখনতে প্ৰতিষ্ঠিত হৈ পৰিছিল বহুজন । সেইগৰাকী মহান ব্যক্তিৰ আজি পুৱা ৪:৪৫ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি ঘটে ।
অসমীয়া চলচ্চিত্ৰৰ জৰিয়তে আজীৱন সংস্কৃতিৰ সাধনা কৰি অহা সমৰেন্দ্ৰ নাৰায়ণ দেৱে ১৯৭১ চনত অৰণ্য ছবিখনৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা উৎকৃষ্ট ৰাজ্যিক চলচ্চিত্ৰৰ বঁটা আৰু ১৯৭৬ চনত পুতলা ঘৰ ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । এইগৰাকী ৮৪ বছৰীয়া প্ৰবীণ সাংস্কৃতিক সাধকে আজি শেষ নিশ্বাস ত্যাগ কৰে ।
লগতে পঢ়ক :Republic Day 2025 : দেৰগাঁৱত ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন