ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব FIFA অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ
নিউজ ডেস্ক : কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ভাৰতত ফেডাৰেচন ইণ্টাৰনেচনেল ডি ফুটবল এছ’চিয়েচনৰ ( Federation Internationale de Football Association , FIFA) ১৭ বছৰৰ তলৰ মহিলা বিশ্বকাপ ২০২২ আয়োজনৰ বাবে অনুমোদন জনাইছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুস্থিত হোৱা কেবিনেটত ভাৰতত ফিফা উত্তোলনৰ বাবে গেৰাণ্টি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছিল।
কেবিনেটৰ চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত লিখা হৈছে, “ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ এক সন্মানীয় অনুষ্ঠান আৰু ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব। ই অধিক যুৱক-যুৱতীক ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব আৰু ভাৰতত ফুটবল খেলৰ বিকাশত সহায় কৰিব। এই অনুষ্ঠানটোৱে কেৱল ভাৰতীয় ছোৱালীসকলৰ মাজত ফুটবলক পছন্দৰ খেল হিচাপে প্ৰচাৰ কৰাই নহয়, লগতে এক স্থায়ী উত্তৰাধিকাৰ এৰিবলৈ সাজু হৈছে যি দেশৰ ছোৱালী আৰু মহিলাসকলক সাধাৰণতে ফুটবল আৰু ক্ৰীড়াগ্ৰহণ কৰাত সহায় কৰিব।”
ফিফা বিশ্বকাপ ভাৰতত ১১-৩০ অক্টোবৰলৈ অনুষ্ঠিত হ’ব।