Ferry with 98 passengers stranded on Brahmaputra river in Majuli : ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী ফেৰী
নিউজ ডেস্ক,১৯আগষ্ট : পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী ফেৰী । ‘এছ বি চন্দন’ নামৰ ফেৰী খন আৱদ্ধ হৈ পৰে মাজুলীত লুইতৰ বুকুত ।
সোমবাৰে পুৱা প্ৰায় ৭ বজাত কমলাবাৰী ঘাটৰ পৰা নিমাটি অভিমুখে গৈছিল গৈছিল ফেৰীখন । কমলাবাৰী ঘাটৰ পৰা কিছু দূৰ যোৱাৰ পাচতে ব্ৰহ্মপুত্ৰৰ বালিত লাগি ধৰে ফেৰীখন । যাৰ বাবে পুনৰ কমলাবাৰী ঘাটলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি থকা হৈছে ফেৰীখন( Ferry with 98 passengers stranded on Brahmaputra river in Majuli) ।
লুইতত আবদ্ধ হোৱা ফেৰীখনত আছিল শতাধিক যাত্ৰী, ৪০ খন বাইক আৰু এখন চাৰিচকীয়া গাড়ী । ব্ৰহ্মপুত্ৰত জলস্তৰ হ্ৰাস পোৱাৰ বাবেই ফেৰীখন আৱদ্ধ হৈ পৰে বুলি সন্দেহ কৰা হৈছে ৷
লগতে পঢ়ক :Birth anniversary of Parvati Prasad Barua : আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্মবাৰ্ষিকী