Local, Vocal, Global

Ferry stuck in Brahmaputra: ব্ৰহ্মপুত্ৰ বুকুত আবদ্ধ যাত্ৰীবাহী ফেৰী

নিউজ ডেস্ক,২২জুলাই : বৰ্তমানে প্ৰায়ে দৈনিক শুনিবলৈ পোৱা যায় নদীৰ মাজত ফেৰী আবদ্ধ হোৱাৰ খবৰ ৷ অৱশ্যে এই ফেৰী আবদ্ধৰ ঘটনা যোৰহাটৰ পৰা নিমাতী অভিমুখী জলপথত বেছিকৈ শুনিবলৈ পোৱা যায় ৷ সোমবাৰে ব্ৰহ্মপুত্ৰ বুকুত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী ফেৰী ৷ মাজুলীৰ পৰা নিমাতী ঘাট অভিমুখী ৰ’পেক্স ফেৰী আবদ্ধ হয়(Ferry stuck in Brahmaputra) ।

জানিব পৰা মতে, অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈ আছিল ফেৰীখন। সেই সময়তে ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰে ফেৰীখন ।

আৱদ্ধ ফেৰীখনত ১৬০ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে । ৩৬ খন দুচকীয়া, ১৩ খন চাৰিচকীয়া বাহনো আছিল ফেৰীখনত।

প্ৰায় এঘণ্টাৰ অন্তত অন্য এখন ফেৰীৰে উদ্ধাৰ যাত্ৰীসকলক(Ferry stuck in Brahmaputra)।

লগতে পঢ়ক : Businessman Ashok Goel murderer Arrested : গোৱালপাৰাৰ অশোক গোৱেলৰ হত্যাকাণ্ডৰে জড়িত ২ দুৰ্বৃত্তক গ্ৰেপ্তাৰ