Local, Vocal, Global

Ferry sinks in Indonesia : ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপত নাও দুৰ্ঘটনা, ১৫ জনৰ মৃত্যু, ১৯ জন সন্ধানহীন

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ জুলাই : ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ ওচৰত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা(Ferry sinks in Indonesia) । ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ ওচৰত এখন যাত্ৰীবাহী ফেৰী ডুব যোৱাত কমেও ১৫ জন লোকৰ মৃত্যু হয়। এই নাও দুৰ্ঘটনাত আন ১৯ জন লোক সন্ধানহীন হৈ আছে (15 dead 19 missing after ferry sinks in Indonesia) । জানিব পৰা মতে ফেৰীখনত ৪০ জন যাত্ৰী আছিল । তাৰ ভিতৰত ৬ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে ।

সোমবাৰে পুৱা ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাত ক্ৰমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ জন লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে । খবৰ অনুসৰি দেওবাৰে মাজনিশা ডুব যায় ফেৰীখন ।

উল্লেখ্য যে দক্ষিণ-পূব চুলাৱেছি প্ৰদেশৰ ৰাজধানী কেন্দাৰীৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দক্ষিণে অৱস্থিত মুনা দ্বীপৰ এটা উপসাগৰ পাৰ হৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়। আনহাতে ফেৰীখন ডুব যোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

জানিব পৰা মতে এই নাওখনত ক্ষমতাতকৈ অধিক যাত্ৰী আছিল । দক্ষিণ-পূব চুলাৱেছি প্ৰদেশৰ বুটান চেণ্ট্ৰেল ৰিজেন্সিৰ লাণ্টো গাঁৱৰ পৰা ওচৰৰ লাগিলি গাঁৱলৈ গৈ আছিল নাওখন। এই নাওখনত ৪০ জন লোক আছিল আৰু নাওখনৰ ক্ষমতা আছিল ২০ জন।

তথ্য অনুসৰি উদ্ধাৰকাৰী দলে ১৯ জন লোকৰ সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে । আনহাতে উদ্ধাৰ হৈছে ১৫টা মৃতদেহ । আনহাতে ৬ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হয় । চেণ্ট্ৰেল ৰিজেন্সিৰ নৱম বৰ্ষপূৰ্তি উদযাপনৰ বাবে দেওবাৰে ইয়ালৈ আহিছিল লোকসকল ।

উল্লেখযোগ্য যে ইণ্ডোনেছিয়াত ১৭ হাজাৰৰো অধিক দ্বীপ আছে । অহা-যোৱাৰ বাবে নাও পৰিবহণ এক ডাঙৰ সম্পদ । ২০১৮ চনত উত্তৰ সুমাত্ৰা প্ৰদেশৰ এটা হ্ৰদত প্ৰায় ২০০ জন লোক কঢ়িয়াই অনা এখন নাও ডুব গৈছিল । এই দুৰ্ঘটনাত ১৬৭ জন লোকৰ মৃত্যু হয়। আনহাতে ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত ডুব গৈছিল এখন যাত্ৰীবাহী জাহাজ । জাহাজখনত আছিল ৩৩২ জন লোক। ইয়াৰে মাত্ৰ ২০ জন লোকৰ সন্ধান পোৱা গৈছিল। বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে ।

লগতে পঢ়ক : Airport in Andaman collapses ceiling : প্ৰধানমন্ত্ৰীৰ উদ্বোধনৰ পাঁচদিনতে ভাঙি পৰিল প’ৰ্ট ব্লেয়াৰ বিমানবন্দৰ ভৱনৰ চাদ, মোডীক সমালোচনা কংগ্ৰেছ নেতাৰ