আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ যোৰহাট-মাজুলীৰ মাজৰ ফেৰি সেৱা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় তিনি-চাৰিদিন ধৰি একেৰাহে দিছে বৰষুণ। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে।
যাৰ ফলস্বৰুপে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে যোৰহাট-মাজুলী সংযোগী নিমাতী ঘাটৰ ফেৰিসেৱা।
ব্ৰহ্মপুত্ৰত পানী বিপদসংকূল ভাৱে বৃদ্ধি পোৱাৰ লগতে কোবাল সোঁতত কাঠৰ টুকুৰাকে ধৰি বিভিন্ন সামগ্ৰী উটি অহাৰ বাবে বন্ধ কৰা হৈছে ফেৰিসেৱা।
সেইদৰে যিসকলে অনলাইনৰ জৰিয়তে ফেৰিৰ টিকট বুক কৰিছিল, তেওঁলোকক টকা ঘূৰাই দিয়া হ’ব বুলি কৰ্তৃপক্ষই জানিব দিয়ে ।
অনিৰ্দিষ্টকাললৈ বন্ধ যোৰহাট-মাজুলী ফেৰী সেৱা বন্ধ কৰাৰ লগতে মাজুলীৰ পৰা ধেমাজি, বগীবিল হৈ যোৰহাটলৈ বাছসেৱা মুকলি কৰিছে।