Local, Vocal, Global

Female Software Engineer Chained, Burnt Alive : হাত-ভৰি বান্ধি ব্লেডেৰে কাটি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হত্যা প্ৰেমিকাক

নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ : এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । প্ৰেমিকাক ব্লেডেৰে কাটি ঢালি দিলে পেট্ৰল । মানুহ কিমান নৃশংস আৰু ভয়ংকৰ হ’ব পাৰে তাৰে যেন উদাহৰণ(Female Software Engineer Chained, Burnt Alive) ।

কিমান ভয়ংকৰ হ’ব পাৰে প্ৰেম ?

দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। মানুহ যেন সময়ৰ সোঁতত লাহে লাহে পশুলৈ ৰূপান্তৰিত হ’ব ধৰিছে। বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত আন এটা হত্যাকাণ্ডৰ ঘটনা। পৰকীয়া প্ৰেমৰ বাবে ৰাজ্যত সঘনাই সৃষ্টি হোৱা হত্য়াকাণ্ডৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দেশত এতিয়াই পৰকীয়া প্ৰেমক লৈ সৃষ্টি হোৱা কেতবোৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে (Sensational Incident)।
প্ৰেমৰো নাই কোনো স্থায়িত্ব। নাই বুজাবুজি অথবা এৰা-ধৰা(Female software engineer chained, burnt alive by jilted transman in Tamil Nadu)।

এনে সময়তে তামিলনাডুত সংঘটিত হয় ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । চেন্নাই সমীপৰ থালাম্বুৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডটো।

জন্মদিনৰ উদযাপনৰ পূৰ্বে নিজ প্ৰেমিকাক হত্যা কৰিলে প্ৰেমিকে । হাত-ভৰি বান্ধি ব্লেডেৰে কাটি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হত্যা প্ৰেমিকাক । ভুক্তভোগী মহিলাগৰাকীৰ নাম নন্ধিনী বয়স ২৫ বছৰীয়া। অভিযুক্ত জন ২৭ বছৰীয়া ভেত্ৰীমাৰান আৰু তেওঁ এজন ছফটৱেৰ ইঞ্জিনীয়া বুলি জানিব পৰা গৈছে(Woman techie burnt alive by jilted lover who went through sex-change to marry her) ।

জানিব পৰা মতে, দুয়োগৰাকীৰ ঘৰ মাদুৰাইত। এটা ছফটৱেৰ কোম্পানীত কাম কৰা নন্দিনীক ভেত্ৰীমাৰানে দিছিল বিয়া কৰোৱাৰ প্ৰস্তাৱ। কিন্তু বিয়াৰ বাবে ভেত্ৰীমাৰানে লিংগও পৰিৱৰ্তন কৰিছিল। কিন্তু নন্দিনীয়ে তেওঁৰ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আন এজন যুৱকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাত ক্ষুব্ধ হৈ ভেত্ৰীমাৰানে নন্দিনীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰে আৰু নন্দিনীৰ জন্মদিন উপলক্ষে নন্দিনীক উপহাৰ দিয়াৰ অচিলা লৈ নিৰ্জন এঠাইলৈ লৈ গৈ এই হত্যাকাণ্ডটো সংঘটিত কৰা বুলি পোহৰলৈ আহিছে।

এই হত্য়াকাণ্ডৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । আৰক্ষীৰ অভিযানত পাণ্ডী মুৰুগেশ্বৰী নামেৰে পৰিচিত এম বি এ স্নাতক ভেট্ৰিমৰণক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : Woman Killed on Suspicion of Being Witchcraft : ডাইনী সন্দেহত দুই নাবালক সন্তানৰ সন্মুখতে জীৱন্তে জ্বলাই দিয়ে মাতৃক !