Local, Vocal, Global

এগৰাকী মহিলা আৰক্ষীৰ মমতা, অপহৃত এটি ১২ দিনীয়া কেঁচুৱাক কৰোৱালে স্তনপান

ডিজিটেল ডেস্কঃ আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন? সন্তানৰ প্ৰতি মাতৃৰ ভালপোৱা পৃথিৱীৰ আন কোনো সম্পদেৰে তুলনা নহয়। কিন্তু মাতৃৰ হৃদয় কেৱল নিজৰ গৰ্ভৰ সন্তানৰ প্ৰতিয়ে উথলি নুঠে, এগৰাকী প্ৰকৃত মাতৃৰ অন্তৰ পৃথিৱীৰ প্ৰতিটো সন্তানৰ বাবেই কঁপে।সেয়াই যেন প্ৰমাণ কৰিলে কেৰালাৰ এগৰাকী মহিলা আৰক্ষীয়ে। এটি অপহৃত এমাডিমা শিশুক বুকুৰ গাখীৰ খোৱাই মাতৃত্বৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে মহিলা আৰক্ষীগৰাকীয়ে।উল্লেখ্য যে, যোৱা ২২ অক্টোবৰত কেৰালাৰ পুলক্কাডাভুৰ নিৱাসী আশীখা চেভায়ুৰ নামৰ এগৰাকী মহিলাই তেওঁৰ ১২ দিনীয়া শিশুটিক অপহৰণ কৰাৰ এজাহাৰ দাখিল কৰে চেভায়ুৰ থানাত।মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে, পাৰিবাৰিক কন্দ্বলৰ বাবে তেওঁৰ স্বামী আৰু শাহুৱেকে কণমানি শিশুটিক অপহৰণ কৰিছিল।এই এজাহাৰৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিক তদন্ত আৰম্ভ কৰি গোপন সূত্ৰৰ পৰা জানিব পৰা যে অপহৰণকাৰীয়ে শিশুটিক বাংগালুৰুলৈ নিয়াৰ পৰিকল্পনা কৰিছে।তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চুলতান বাথেৰীৰ পৰা ১২ দিনীয়া শিশুটিক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী স্বামী আৰু শাহুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।ইপিনে দীৰ্ঘদিন ধৰি মাতৃদুগ্ধৰ পৰা বঞ্চিত হৈ থকা শিশুটি অসুস্থ হৈ পৰাৰ বাবে শিশুটিক লগে লগে কলপেটাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত শিশুটিৰ শৰীৰত পৰ্যাপ্ত চুগাৰৰ অভাৱ ঘটা বুলি চিকিৎসকে জানিবলৈ দিয়ে।ইয়াৰ পিছতে অভিযানকাৰী দলটোৰ মহিলা আৰক্ষী বিষয়া এম ৰম্যাই চিকিৎসকৰ অনুমতি সাপেক্ষে শিশুটিক নিজৰ বুকুৰ গাখীৰ খুৱাই পুনৰ জীৱন প্ৰদান কৰে।জানিব পৰা মতে, মহিলা আৰক্ষী বিষয়া এম ৰম্যা এটি এবছৰীয়া সন্তানৰ মাতৃ।এটি এবছৰীয়া সন্তানৰ মাতৃ এম ৰম্যাই শিশুটিক দুগ্ধপান কৰোৱাই কয় যে সেই সময়ত তেওঁ কেঁচুৱাটোক নিজৰ সন্তান হিচাপে অনুভৱ কৰিছিল। তেওঁ সেই দিনটোক নিজৰ কেৰিয়াৰৰ আটাইতকৈ ভাল আৰু অৰ্থপূৰ্ণ দিন বুলিও উল্লেখ কৰে। মহিলা আৰক্ষীগৰাকীৰ এই কাৰ্যক এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে বিভিন্নজনে।