Local, Vocal, Global

জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী নুৰ বানু

নিউজ ডেস্ক: ধুবুৰীৰ ডোংগেৰপাৰত ড্ৰাগছ বিক্ৰী কৰি থকাৰ সময়তে যুৱ সমাজ সংস্কাৰ সমিতি আৰু ভিডিপিয়ে আৱদ্ধ কৰে এগৰাকী মহিলাক৷ নিচা জাতীয় টেবলেট আৰু কফছিৰাপসহ মহিলা সৰবৰাহকাৰীক ধৰিবলৈ সক্ষম হয় দুই সামাজিক সংস্থাই৷ ধুবুৰী কলেজ নগৰ আৰক্ষী উপস্থিত হৈ ড্ৰাগছসহ মহিলাগৰাকীক আৰক্ষীক চমজাই দিয়ে৷ মহিলা সৰবৰাহকাৰীৰ নাম হৈছে নুৰ বানু বিবি৷ দৰাচলতে মহিলাগৰাকীৰ পৰা ৬৬০টা নিচাজাতীয় টেবলেটসহ কফছিৰাপ উদ্ধাৰ হয়৷ কেইবাদিন পূৰ্বে ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছিল মহিলাগৰাকীৰ স্বামী বাদশা শ্বেখ৷ তাৰ পাছতে আজি পুনৰ ড্ৰাগছসহ আটক হ’ল পত্নী। বৰ্তমান মহিলা গৰাকীক ধুবুৰী সদৰ থানাত জেৰা অব্যাহত আছে৷