Local, Vocal, Global

Female DJ Missing For Past 3 Months : ৩ মাহ ধৰি সন্ধানহীন গুৱাহাটীৰ সুন্দৰী DJ ডিয়নী

নিউজ ডেস্ক, ১২ মাৰ্চ : বিগত তিনিমাহ ধৰি সন্ধানহীন এগৰাকী DJ । গুৱাহাটী মহানগৰীৰ পৰা নিখোজ DJ। ৩মাহ ধৰি সন্ধান নাই ডামিনী ভাযাংকাৰ নামৰ DJ গৰাকীৰ(Female DJ Missing For Past 3 Months From Guwahati) ।

জানিব পৰা মতে, ২০২৩ৰ ১৩ ডিচেম্বৰত হঠাৎ বন্ধ হৈ পৰে ডামিনীৰ মোবাইল ফোন । বিগত ৩মাহে সামাজিক মাধ্যমৰ পৰাও বিচ্ছিন্ন DJডিয়নী ।

খ্রীষ্টানবস্তিৰ ৰাঙলী এপাৰ্টমেণ্টত পৰিয়ালৰ সৈতে বাস কৰিছিল ডামিনী ভাযাংকাৰ। এপাৰ্টমেণ্টৰ আবাসীয়ে ডামিনী ভাযাংকাৰ বহু দিন দেখা নোপোৱাৰ বাবে পৰিয়ালৰ ওচৰত খবৰ লয়। কিন্তু পৰিয়ালৰ লোকে ডামিনী ভাযাংকাৰ গৰাকী সুস্থ থকা বুলি কৈ আবাসীসকলক খেদি পঠিওৱাৰ অভিযোগ উত্থাপন কৰে(Female DJ Missing For Past 3 Months)।

ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত অবাসীসকলে ডামিনী ভাযাংকাৰ সন্ধানহীনৰ এক গোচৰ ৰুজু কৰিছে। এই পৰ্যন্ত ডি জে ডিয়নীৰ কোনো সম্ভেদ পোৱা নাযায়।

লগতে পঢ়ক : Guwahati police issues notice on ‘Sarbatmak Hartal’ : সৰ্বাত্মক হৰতালক অবৈধ আৰু অসাংবিধানিক; জাৰি কৰা হৈছে বিশেষ আইনী জাননী