Local, Vocal, Global

Felicitation and financial assistance:মিছিং স্বায়ত্ব শাসন পৰিষদৰ ফালৰপৰা কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা

নিউজ ডেস্ক,৮ জুলাইঃ মিছিং স্বায়ত্ব শাসন পৰিষদৰ ফালৰপৰা সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনাৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আজি জোনাইৰ জোনকাৰেং কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে মিছিং স্বায়ত্ব শাসন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চাহেঙ্গীয়া। (Chief Executive Officer of Mising Autonomous Council Parmananda Sahebia was present at the felicitation ceremony held at The Jonkareng Kristi Bhavan premises in Jonai today).

ভাষণ প্ৰসংগত স্বায়ত্ব শাসন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে কয় ছাত্ৰ ছাত্ৰীসকলে কৌশলী শিক্ষাৰ সমান্তৰালকৈ কৃষি আৰু কৃষিৰ আনুসংগিক দিশ বিকাশৰ বাবেও ভৱিষ্যতে মনোনিবেশ কৰিবলৈ আহ্বান জনায়।

আজি কৃষিকৰ্মৰ লগত আমাৰ নৱ প্ৰজন্মই পিঠি দি আহিছে বুলি উল্লেখ কৰি কয় যে অসমত পৰ্যাপ্ত কৃষি ভুমিৰ থকাৰ স্বত্তেও বাহিৰৰ পৰা অহা ভেজাল খাদ্য দ্ৰব্য্ই আমাৰ অসমৰ বজাৰ দখল কৰি আছে বুলি উদ্বেগ প্ৰকাশ কৰে । কাৰ্যসূচীত TMPK , গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ব , স্থানীয় বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট সমাজসেৱক , ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ উপস্থিতি থাকে ।

লগতে পঢ়কঃ Strong protest against Botadrwa police:ৰাইজৰ অভিযোগৰ পাচতো কুম্ভকৰ্ণ নিদ্ৰাত বটদ্ৰৱা আৰক্ষী