Local, Vocal, Global

মহাপ্ৰলয়ৰ আশংকা, চৰকাৰ নিদ্ৰাতঃ ডিব্ৰুগড়ৰ খহনীয়া পৰিদৰ্শন লুৰিণজ্যোতিৰ

নিউজ ডেস্ক: ডিব্ৰুগড় চহৰ মহাপ্ৰলয়ৰ কৱলত পৰাৰ আশংকা অব্যাহত আছে৷৷ যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ মথাউৰি ছিগি ডুব যাব পাৰে ডিব্ৰুগড় চহৰ৷ নেৰানেপেৰা প্ৰচেষ্টাৰ পাছতো ৰক্ষা কৰিব পৰা ব্ৰহ্মপুত্ৰৰ মথাউৰি৷ শ-শ লোকে শ্ৰমদান কৰাৰ পাছতো খহনীয়া ৰোধ হোৱা নাই৷ ভয়ংকৰ খহনীয়াৰ কৱলত পৰিছে ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী নগাঘূলী কছাৰীলাইন৷ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ ফলত মথাউৰি ছিগি নিয়াত বৃহৎ অংশ উন্মুক্ত হৈ পৰিব পাৰে। উন্মুক্ত এলেকাৰে পানী সোমাই জলপ্ৰলয়ৰ কৱলত পৰিব পাৰে ডিব্ৰুগড়৷ কিন্তু বিজেপিৰ মন্ত্ৰী-বিধায়ক নিৰুদ্দেশ৷ আজিহে মুখ্যমন্ত্ৰী খহনীয়া পৰিদৰ্শন কৰাৰ কথা৷ লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা নিৰুদ্দেশ হৈ থকা বুলি ক’ব খোজে স্থানীয় ৰাইজে। ৰাইজৰ সৈতে যোগাযোগো বিচ্ছিন্ন হৈ আছে বিধায়কজনৰ।

ইয়াৰ মাজতে আজি ডিব্ৰুগড়ৰ মাইজানত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰণিজ্যোতি গগৈ। ১১ দিন ধৰি ডিব্ৰুগড় চহৰৰ উপকণ্ঠ মাইজান-নগাঘূলীত হৈ থকা ভয়াৱহ খহনীয়া পৰিদৰ্শন লুৰণিজ্যোতি গগৈৰ। ডিব্ৰুগড় সুৰক্ষা বান্ধৰ পৰা গৰাখহনীয়া পৰিদৰ্শন চৰকাৰক সমালোচনা কৰে লুৰণিজ্যোতি গগৈ। দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডিব্ৰুগড়ৰ হোৱাৰ পাছতো য়কহনীয়া ৰোধ কৰিব পৰা নাই বুলি প্ৰশ্ন কৰে লুৰিণে৷ বিজেপি চৰকাৰ অসমৰ বান-খহনীয়া ৰোধত বিফল হোৱা বুলি কয়৷ বান সাহায্য পুঁজি কেন্দ্ৰই আৱন্টন হ্ৰাস কৰিছে বুলি কয়৷ শীঘ্ৰেই বান আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সৰ্বানন্দ সোণোৱালকো চোকা সমালোচনা কৰে সভাপতিগৰাকীয়ে। খহনীয়াই নিঃশেষ কৰাৰ পৰিয়ালসকলক ভূমি আৰু চৰকাৰী সকলো সুবিধা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায়।