দুই সন্তানৰ পিতৃয়ে ধৰ্ষণ কৰিলে ১৪ বছৰীয়া কিশোৰীক

নিউজ ডেস্ক, ৫ জুন : ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা । এইবাৰ বিলাসীপাৰাৰ ছুৱাপাতা ৩য় খণ্ড গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা । দুই সন্তানৰ পিতৃয়ে বলপূৰ্বক ভাৱে ধৰ্ষণ কৰিলে এগৰাকী ১৪ বছৰীয়া কিশোৰীক।
কিশোৰী গৰাকীৰ পৰিয়ালৰ ভাষ্য অনুসৰি লম্পট আছলাম আলীয়ে নিশা কিশোৰী গৰাকীৰ ঘৰত প্ৰৱেশ কৰি বলপূৰ্বক ভাৱে ধৰ্ষণ কৰে কিশোৰী গৰাকীক। পিছত ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত গোচৰ তৰে আৰু গোচৰৰ ভিত্তিত আৰক্ষীয়ে ধৰ্ষণকাৰী আছলাম আলীক গ্ৰেপ্তাৰ কৰে ।
ধৰ্ষণকাৰী লম্পটতোৰ বিৰুদ্ধে আৰক্ষীয়ে ১৭১ / ২২ নম্বৰত তথা ৩৭৬ আৰু POCSO ACT/ 2012 ধাৰাত গোচৰ ৰুজু কৰি বিলাসীপাৰা মহকুমা আদালতৰ জৰিয়তে জেল হাজোত লৈ প্ৰেৰণ কৰে ।