Local, Vocal, Global

Father Killed 4 Year Old Son : গোলাঘাটৰ বৰপথাৰত লোমহৰ্ষক হত্যাকাণ্ড; ৪ বছৰীয়া সন্তানক ভৰিৰে গচকি গচকি হত্যা পিতৃৰ

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পিতৃ- মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।পিতৃ মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে।পিতৃ- মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। পিতৃ মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে(Father Killed 4 Year Old Son)।

প্ৰত্যেকজন শিশুৰ জীৱনত পিতৃৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । পিতৃয়ে এটি সন্তানত সকলো বিপদৰ পৰা ৰক্ষা কৰে । কিন্তু সেয় পিতৃৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয় তেতিয়াই সন্তানত কোনে নিৰাপত্তা দিব।

এগৰাকী পিতৃৰ পাশৱিকতা ! এক অমানৱীয় কাণ্ড সংঘটিত হৈছে গোলাঘাটৰ বৰপথাৰত । বৰপথাৰৰ ওপৰলাংঠা গাঁৱত এটি চাৰিবছৰীয়া শিশুয়ে কান্দি থকাৰ বাবে পিতৃয়ে গচকি গচকি হত্যা কৰিলে ।

এগৰাকী দানৱৰূপী পিতৃৰ এনে কৰ্ম-কাণ্ডই এতিয়াই সকলোৰে চকু কপালত তুলিছে(Father Killed 4 Year Old Son in Golaghat) ।

এক লোমহৰ্ষক হত্যাকাণ্ড । সোমবাৰে নিশা গোলাঘাটৰ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত মানৱ সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে।

অভিযোগ অনুসৰি পিতৃয়ে ভৰিৰে গচকি হত্যা কৰিলে ৪ বছৰীয়া শিশুক। নিজগৃহত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ ।

আইতাকৰ ভাষ্য অনুসৰি সন্তানটিয়ে কান্দি থকাৰ বাবেই পিতৃ প্ৰশান্ত হাওয়ে ভৰিৰে গচকি হত্যা কৰে একমাত্ৰ পুত্ৰক ।

উল্লেখযোগ্য যে পিতৃয়ে নিজ গৃহৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতিবলৈ চেষ্টা কৰিছিল।কিন্তু ঘটনাৰ কথা গম পাই স্থানীয় এজন যুৱকে স্থানীয় গাওঁৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ বৰপথাৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সোমবাৰে নিশাই পিতৃ প্ৰশান্ত হাওক গ্ৰেপ্তাৰ কৰে ।

জানিব পৰা মতে, অভিযুক্ত জনৰ পত্নী আৰু দুই কন্যা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত কৰ্মসূত্ৰে থাকে। জানিব পৰা মতে বিভিন্ন অপৰাধ মূলক কাৰ্যত জড়িত প্ৰশান্ত পূৰ্বেও বহুবাৰ জেললৈ গৈছে।

লগতে পঢ়ক : Ferry Services Postpones Due to Fog : কুঁৱলীৰ বাবে ব্যাহত অফলামুখ-নিমাতী সংযোগী ফেৰীসেৱা