ইউক্ৰেইনত মৃত্যু হোৱা ছাত্ৰৰ মৃতদেহ মেডিকেল কলেজলৈ দান পিতৃৰ
নিউজ ডেস্ক,২১ মাৰ্চঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনত ৰাছিয়াৰ গুলীবৰ্ষনত মৃত্যু হোৱা ভাৰতীয় ছাত্ৰৰ মৃতদেহ সোমবাৰে পুৱা বেংগালুৰুত উপস্থিত হয়।
খাৰকীভ নেছনেল মেডিকেল ইউনিভাৰ্চিটিত অন্তিম বৰ্ষৰ মেডিকেলৰ ছাত্ৰ আছিল নবীন শেখৰপ্পা।
ইয়াৰপিছতেই নবীনৰ নশ্বৰদেহ স্বগৃহ হাভেৰীলৈ লৈ যোৱা হয়। নবীনৰ অন্তিম সংস্কাৰ হিন্দু বীৰশৈৱ লিঙ্গায়ত পৰম্পৰা অনুসৰি সম্পন্ন কৰা হয়। শেষকৃত্য অনুষ্ঠানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাও উপস্থিত থাকে।
উল্লেখ্য যে, নবীনৰ মৃতদেহ তেঁওৰ পৰিয়ালবৰ্গই কৰ্ণাটকৰ এছ এছ মেডিকেল কলেজলৈ দান কৰিব। পৰিয়ালৰ লোকে কয় যে, নবীনৰ ডাক্তৰ হোৱাৰ সপোন পূৰণ নহ’ল আৰু সেইবাবে তেঁওৰ মৃতদেহ মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰী সকললৈ দান কৰা হ’ব।
লগতে নবীনৰ পিতৃ শেখৰপ্পা গিয়াংগুড়াই কয় যে, সৰুৰে পৰা তেঁও এজন চিকিৎসক হোৱাৰ সপোন দেখিছিল আৰু সমাজৰ সেৱা কৰিব বিছাৰিছিল। অৱশ্যে ভাৰতৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসন পোৱা নাছিল, সেয়েহে চিকিৎসা শিক্ষা গ্ৰহণ কৰিবলৈ ইউক্ৰেইনলৈ গৈছিল। নবীনৰ চিকিৎসক হোৱাৰ সপোন পূৰণ নহ’ল সেয়েহে আমি তেঁওৰ শৰীৰ দান কৰাৰ সিদ্ধান্ত লৈছো।