Local, Vocal, Global

চকুৰ সন্মুখতে পিতৃৰ মৃত্যু, আঘাতপ্ৰাপ্ত মাতৃক লৈ কনমানি পুত্ৰৰ কান্দোন

নিউজ ডেস্ক: কণমানি পুত্ৰক স্কুটীত বহুৱাই পূজা দেখুৱাবলৈ আনিছিল পিতৃ-মাতৃয়ে৷ কিন্তু বিধিৰ কি বিপাক৷ পূজাথলীৰ পৰা কিছু নিলগত দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হোৱাৰ লগতে মাতৃয়ে মৃত্যুৰে যুঁজ দিছে৷

পৰিয়ালটোৰ পূজা চোৱাই নহ’ল৷ পত্নী আৰু কণমানি পুত্ৰক এৰি পূজাথলীৰ পৰা কিছু নিলগতে দুৰ্ঘটনাত পতিত হৈ বিহপুৰীয়াৰ কেঞামৰাৰ স্বপন বিশ্বাস উভতি নহা বাটেৰে গুচি গ’ল।

নৱমীৰ পুৱাই কণমানিৰ সন্মুখতে পিতৃৰ মৃত্যুৰ ঘটনাই শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে লখিমপুৰ জিলাৰ পথালিপাহাৰত৷ নৱমীৰ দিনটোতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ পথালিপাহাৰত৷

ট্ৰাকৰ খুন্দাত চকুৰ সন্মুখতে পিতৃৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত মাতৃক লৈ কণমানি পুত্ৰই শোকত কান্দি থকা দৃশ্যই সকলোকে কন্দুৱাই৷ লখিমপুৰৰ বান্দৰদেৱাৰ পিতৃ-মাতৃ আৰু কণমানিয়ে স্কুটীত মহানৱমীত পূজা চাবলৈ আহিছিল৷

পথালিপাহাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় স্বপন বিশ্বাস। স্বপন বিশ্বাসৰ পত্নী আৰু কনমানি পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷