অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত ফলত গুৰুতৰভাৱে আহত পিতৃ-পুত্ৰ
নিউজ ডেস্ক, ২৫ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। দেওবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত ফলত গুৰুতৰভাৱে আহত হয় পিতৃ-পুত্ৰৰ এটা যুটি ।
অসমৰ বিশ্বনাথ জিলাৰ গহপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাৰ আৰু ভুক্তভোগীসকলক প্ৰতাপ দাস (৫০) আৰু তেওঁৰ পুত্ৰ ৰাহুল দাস (১৮) বুলি চিনাক্ত কৰা হৈছে।
বাতৰি অনুসৰি, নিশা অচিনাক্ত দুৰ্বৃত্তই প্ৰতাপ দাসৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু শুই থকা অৱস্থাত পিতৃ-পুত্ৰ ৰ যুটিটোক আক্ৰমণ কৰিছিল।
সম্প্ৰতি, পিতৃ আৰু পুত্ৰ দুয়ো লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।খবৰ অনুসৰি, প্ৰতাপ দাসৰ অৱস্থা অতি সংকটজনক।
ইফালে, আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছ তদন্ত অব্যাহত ৰাখিছে।