Local, Vocal, Global

মৰিগাঁও ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত পথত ভয়ংকৰ দুৰ্ঘটনা !

মৰিগাঁও ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত পথত ভয়ংকৰ দুৰ্ঘটনা। ৰৈ থকা MN 05C 0482 নম্বৰৰ তেলভৰ্তি টেংকাৰত প্ৰচণ্ড খুন্দা AS 02AB 4198 নম্বৰ বলেৰো বাহনৰ। ধৰমতুল আৰক্ষী থানাৰ সন্মুখত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বলেৰ’ বাহনখনৰ চালকজন।

সংকটজনক অৱস্থাত গাড়ী কাটি উদ্ধাৰ কৰা হয় বলেৰ’ বাহনৰ চালকজনক। লগে লগে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় চালকজনক। আহত চালকজন কাৰ্বি আংলঙৰ মাঞ্জাৰ থাংমিনহাও বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে তেল পৰিবাহী টেংকাৰখন মণিপুৰ অভিমুখী আৰু বলেৰ’খন কাৰ্বি আংলং অভিমুখী আছিল। উল্লেখযোগ্য যে মাঘ বিহুৰ দিনা উক্ত স্থানতে দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন তীৰ্থযাত্ৰীৰ বাহন য’ত তিনিজনকৈ ব্যক্তি নিহত হৈছিল।